নিউজ ডেস্ক, 4 এপ্ৰিলঃলকডাউনৰ সময়ছোৱাত কিছু সংখ্যক লোক যদিও সমস্যাত পৰিছে কিন্তু দিল্লী আৰক্ষীয়ে এই ক্ষেত্ৰত কিছু স্বতিৰ নিশ্বাস লৈছে ৷ তথ্য অনুসৰি লকডাউনৰ সময়চোৱাত ক্ৰমাৎ কমি আহিছে দিল্লীৰ অপৰাধজনিত ঘটনাসমূহ ৷ এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে মাৰ্চ মাহৰ দুই সপ্তাহৰ তথ্য প্ৰকাশ কৰিছে ৷ উক্ত তথ্য অনুসৰি, ডকাইতিকাণ্ডৰ পৰা চুৰি পৰ্যন্ত সমস্ত অপৰাধমূলক ঘটনা হ্ৰাস পাইছে ৷ ইয়াৰোপৰি বিগত 15 দিনত পথ দুৰ্ঘটনাও হ্ৰাস হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
লকডাউনঃ ক্ৰমাৎ ক্ৰাইম ফ্ৰি হৈছে দিল্লী - delhi crime decrease for lockdown
দিল্লী আৰক্ষীয়ে মাৰ্চ মাহৰ দুই সপ্তাহৰ তথ্য প্ৰকাশ কৰিছে ৷ উক্ত তথ্য অনুসৰি, ডকাইতিকাণ্ডৰ পৰা চুৰি পৰ্যন্ত সমস্ত অপৰাধমূলক ঘটনা হ্ৰাস পাইছে ৷
ক্ৰাইম ফ্ৰি দিল্লী
প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰা হয় যদিও ইয়াৰ এদিন পূৰ্বে কেজৰিবাল চৰকাৰে ৰাজ্যখনত লকডাউন ঘোষণা কৰে ৷ যাৰ ফলত দিল্লীৰ পথত কেৱল জৰুৰীকালীন কামত নিয়োজিত লোকসকলৰ লগতে খাদ্য সামগ্ৰী অথবা অন্য কোনো আৱশ্যকীয় সামগ্ৰী আনিবলৈ যোৱা লোকক দেখা পোৱা গৈছে ৷ সেয়ে এই সময়ছোৱাত অপৰাধীও দিল্লীৰ পথত খোজ দিবলৈ সংকোচবোধ কৰিছে ৷