অসম

assam

By

Published : Mar 15, 2019, 6:30 AM IST

ETV Bharat / bharat

নিৰ্বাচন খেলিবলৈ আগ্ৰহী নহয় বীৰেন্দৰ শ্বেহৱাগ

পশ্চিম দিল্লীৰ আসনৰ হৈ লোকসভা নিৰ্বাচন খেলিবলৈ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক আহ্বান জনাইছিল ভাৰতীয় জনতা দলে ৷ ব্যক্তিগত কাৰণত এই প্ৰস্তাৱ নাকচ কৰা বুলি প্ৰকাশ কৰিছে শ্বেহৱাগে ৷

etv bharat

দিল্লী, 15 মাৰ্চ: ব্যক্তিগত কাৰণত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দৰ শ্বেহৱাগে নাকচ কৰিলে বিজেপিয়ে আগবঢ়োৱা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ টিকট ৷ এইকথা প্ৰকাশ কৰিলে দিল্লীৰ ভাৰতীয় জনতা দলৰ এগৰাকী শীৰ্ষ নেতাই ৷

নেতাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰিবৰ্তমান ভাৰতীয় জনতা দলৰ সাংসদ পৰৱেজ বাৰ্মাৰ অধীনত থকা পশ্চিম দিল্লীৰ আসনৰ হৈ আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিৰেন্দৰ শ্বেহৱাগক টিকট দিয়াৰ সিদ্ধান্ত লৈছিল দলটোৱে ৷ কিন্তুব্যক্তিগত কাৰণত আগ্ৰহ প্ৰকাশ নকৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷ বিজেপি নেতাগৰাকীয়ে লগতে কয় যেবীৰেন্দৰ শ্বেহৱাগে এই সন্দৰ্ভত ৰাজনীতিঅথবা নিৰ্বাচন খেলিবলৈ তেওঁৰ কোনো আগ্ৰহ নাই বুলি প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details