অসম

assam

By

Published : Oct 13, 2020, 8:14 AM IST

ETV Bharat / bharat

পৰিয়ালৰ অনুমতি অবিহনে হাথৰছৰ যুৱতীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিছিল প্ৰশাসনে !

আদালতত হাথৰছৰ ভুক্তভোগী পৰিয়ালৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ পৰিয়ালৰ অনুমতি অবিহনে যুৱতি গৰাকীৰ অন্তিম সৎকাৰ কৰা হৈছিল ৷ লগতে, গোচৰ CBI ৰ হাতত অৰ্পন কৰাৰ দাবী পৰিয়ালৰ ৷

Cremated without our consent: Hathras victim's family maintains stand in high court
পৰিয়ালৰ অনুমতি অবিহনে হাথৰছৰ যুৱতিৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিছিল প্ৰশাসনে

নিউজ ডেস্ক, 13 অক্টোবৰ : সোমবাৰে এলাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত দলবদ্ধভাৱে নিৰ্যাতনত মৃত্যু হোৱা হাথৰছৰ মহিলা গৰাকীৰ পৰিয়ালৰ সদস্য সকলে কয় যে, তেওঁলোকৰ সন্মতি অবিহনে মাজনিশা যুৱতি গৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া কৰা হৈছিল ৷ আনকি, হাথৰছৰ জিলা দণ্ডাধীশ প্ৰবীণ কুমাৰ লক্ষ্মণ আৰু আৰক্ষী অধীক্ষক বিনীত জৈনৱালে আদালতক জনাই যে, স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা নাছিল ।

উল্লেখ্য যে, 19 বছৰীয়া যুৱতী গৰাকীক14 ছেপ্টেম্বৰত হাথৰছ জিলাত চাৰিজন উচ্চ বৰ্ণৰ ব্যক্তিয়ে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ পৰৱৰ্তী সময়ত উচ্চ আদালতে বিষয়টো সন্দৰ্ভত গুনানি গ্ৰহণ কৰিবলৈ ভুক্তভোগীৰ পৰিয়ালক আমন্ত্ৰণ জনাইছিল ৷

ইফালে, গুনানি আৰম্ভ হোৱাৰ এঘণ্টা আগতে সোমবাৰে তেওঁৰ পিতৃ-মাতৃ আৰু তিনিজন ভায়েকক কঠোৰ নিৰাপত্তাৰ মাজত ন্যায়ালয়লৈ অনা হৈছিল ৷

লগতে পঢ়ক :বিপিএফ-বিজেপিৰ মাজত সংঘাত নাই: প্ৰবীণ বড়ো

আনহাতে, অন্ত্যোষ্টিক্ৰিয়া কৰিবলৈ অনুমতি প্ৰদান নকৰা বিষয় সন্দৰ্ভত আদালতৰ দ্বাৰা নিযুক্ত কৰা জ্যেষ্ঠ অধিবক্তা জে এন মাথুৰে কয় যে, প্ৰতিজন নাগৰিকৰ তেওঁলোকৰ ধৰ্মীয় প্ৰক্ৰিয়া অনুসৰি পৰিয়ালৰ সদস্য সকলে সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া কৰাৰ অধিকাৰ আছে । ভাৰতীয় সংবিধানৰ 25 নং অনুচ্ছেদ অনুসৰি সকলো ব্যক্তিয়ে নিজ ধৰ্মৰ ওপৰত উপাসনা আৰু অনুশীলন কৰাৰ অধিকাৰ আছে৷ তেনেক্ষেত্ৰত যুৱতী গৰাকীৰ মৃতদেহ অন্ত্যোষ্টিক্ৰিয়া কৰিবলৈ অনুমতি নিদিয়া প্ৰসংগ সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপন কৰিছে অধিবক্তা গৰাকীৰ লগতে পৰিয়ালৰ লগতে ৷

ভুক্তভোগী পৰিয়ালৰ পৰামৰ্শদানকাৰী সীমা কছাৰীৰ মন্তব্য অনুসৰি, আদালতক তদন্তটো কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ হাতলৈ স্থানান্তৰ কৰিবলৈ অনুগ্ৰহ কৰিছে । লগতে, ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত অধিবক্তা জেনেৰেল ভি কে শ্বাহিয়ে বিষয়টো CBI ৰ হাতত অৰ্পন কৰা বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক :খেৰণিত ধনদাবীৰ অভিযোগত এজনক আটক

ABOUT THE AUTHOR

...view details