নেশ্বনেল ডেস্ক, 28 ডিচেম্বৰঃ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ বিৰোধিতা কৰিবলৈও আহ্বান জনায় সীতাৰাম য়েছুৰীয়ে ৷ কেৰালা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইয়াৰ বিৰোধিতা কৰিছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন বিৰুদ্ধে হোৱা প্ৰতিবাদত উত্তৰ প্ৰদেশত 21 জন লোকৰ মৃত্যু হোৱাৰ কথাও প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ দেশৰ চলি থকা ৰাজনীতিৰ বিৰুদ্ধে ভাৰতীয় সামৰিক বাহিনীৰ মুখ্য বিপিন ৰাৱটে মাত মাতিব নালাগে বুলি তেওঁক তীব্ৰ সমালোচনা কৰে CPIMৰ ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৷
দেশত চলি থকা তীব্ৰ প্ৰতিবাদক আওকাণ বিজেপিৰঃ সীতাৰাম য়েছুৰী - সীতাৰাম য়েছুৰীৰ এনআৰচি বিৰোধীতা
ভাৰতৰ 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ বিৰোধিতা কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে এক আঁকোৰগোজ মনোবৃত্তি ধাৰণ কৰি থকা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ বিৰুদ্ধে হাইদৰাবাদত অনুষ্ঠিত হোৱা এক সন্মিলনত Communist Party of India (Marxist), CPIMৰ ৰাষ্ট্ৰীয় সম্পাদক সীতাৰাম য়েছুৰীয়ে প্ৰকাশ কৰে এই কথা ৷
দেশত চলি থকা তীব্ৰ প্ৰতিবাদক আওকাণ বিজেপিৰ: সীতাৰাম য়েছুৰী