নিউজ ডেস্ক, ১৪ অক্টোবৰ : গৰুৰ গোবৰৰ পৰা নিৰ্মিত এবিধ বিশেষ সজুলিয়ে মোবাইল ফোনৰ পৰা হোৱা তেজষ্ক্ৰিয় বিকিৰণ হ্ৰাসত সহায় কৰিব বুলি দাবী কৰিছে এগৰাকী চৰকাৰী বিষয়াই । কেৱল সেয়াই নহয়, এই সজুলিটোৱে ব্যৱহাৰকাৰীক বিভিন্ন বেমাৰৰ পৰাও ৰক্ষা কৰিব বুলি বিষয়াগৰাকীয়ে দাবী কৰিছে ।
ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লভভাই কাঠিৰিয়াই এই দাবী কৰিছে । তেওঁৰ মতে,গৰুৰ গোবৰ তেজষ্ক্ৰিয় বিকিৰণ প্ৰতিৰোধী আৰু ই সকলোকে বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম ।
কামধেনু দিপাৱলী অভিযানৰ অংশ হিচাপে এই সজুলিটো ১২ অক্টোবৰত মুকলি কৰা হয় । এই অভিযানৰ দ্বাৰা সমগ্ৰ দেশতে গৰুৰ গোবৰৰ উপকাৰিতা সম্বন্ধে প্ৰচাৰ কৰিব আয়োগে ।