অসম

assam

By

Published : Mar 17, 2020, 8:12 AM IST

Updated : Mar 17, 2020, 1:48 PM IST

ETV Bharat / bharat

ভাৰতত 126 লৈ বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

মহামাৰী কৰ’ণা ভাইৰাছৰ প্ৰভাৱ এতিয়া অৱ্যাহত আছে ভাৰতত ৷ বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 126 লৈ ৷ বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি ৷ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণত তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰ সমূহ ৷ ইতিমধ্যে বন্ধ কৰা হৈছে ইউৰোপিয়ান দেশৰ সৈতে যাতায়ত ৷

Covid-19 updates total number of corona virus cases in india goes to 114
114 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 17 মাৰ্চ: বিশ্বব্যাপী এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰীৰ Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 126 জনলৈ ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই তথ্য ৷ ইয়াৰে 104 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 22 গৰাকী হৈছে বিদেশী মূলৰ ৷ আনহাতে 3 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 13 গৰাকীলোক আৰোগ্য হৈছে ভাৰতত ৷

ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক 36 টাকৈ কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে কেৰালাত 22 টা ঘটনা পোহৰলৈ আহিছে ৷ দেওবাৰে ইয়াৰ সংখ্যা আছিল 93 ৷

আনহাতে ভাৰতেই এই ভাইৰাছক এক ‘Notified Disaster’ হিচাপে আখ্যা দিছে ৷ উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত দুজন ব্যক্তিৰ মৃত্যু হৈছে ৷ কৰ্ণাটকত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত ৷ কৰ্ণাটকত মৃত্যুবৰণ কৰা 76 বছৰীয়া লোকজন আছিল কালবুৰ্গী অঞ্চলৰ ৷ যোৱা 29 ফেব্ৰুৱাৰীত চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল লোকজনে ৷

আনহাতে দিল্লীত মৃত্যুবৰণ কৰা লোকজন 68 বৰ্ষীয়ান এগৰাকী মহিলা ৷ এই বীজাণুৰ প্ৰাৰ্দুভাৱ ৰোধিবলৈ বৰ্তমান ভাৰত-বাংলাদেশ সীমান্তৰ মাজত বাছ-ৰে’ল সেৱা বাতিল কৰা হৈছে ৷ ইপিনে দেশৰ বিভিন্ন প্ৰান্ত চিনেমা গৃহ, স্কুল, কলেজ, বিভিন্ন শ্বপিং ম’ল বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানো স্থগিত তথা বাতিল কৰা হৈছে ৷ চীনত উদ্ভৱ হোৱা এই মাৰাত্মক বিজাণু Covid-19 য়ে বৰ্তমানলৈকে প্ৰায় 183,109 লোকক আক্ৰান্ত কৰাৰ লগতে এই ভাইৰাছৰ ফলত বিশ্বত মৃত্যু হৈছে প্ৰায় 7,175 লোকৰ ৷ আনহাতে বৰ্তমানলৈকে 79,897 হাজাৰ লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে প্ৰায় 137 খনত কৈও দেশত বিয়পি পৰিছে এই মাৰাত্মক বিজাণু Covid-19 ৷

Last Updated : Mar 17, 2020, 1:48 PM IST

ABOUT THE AUTHOR

...view details