নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: দেওবাৰৰ দিনটোত ভাৰতত নতুনকৈ 94,372 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ ৷ আনহাতে, এই পৰ্যন্ত 37,02,595 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ সৈতে আৰোগ্যৰ হাৰ 77.88 শতাংশলৈ বৃদ্ধি পাইছে ৷
দেওবাৰে পুৱা 8 বজালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, এই পৰ্যন্ত ভাৰতত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 47,54,356 গৰাকীকৈ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 78,586 গৰাকীলৈ ৷