নেশ্যনেল ডেস্ক, 14 অক্টোবৰ: ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই 72,39,389 গৰাকী লোকলৈ অতিক্ৰম কৰিলে ৷ জানিব পৰা মতে বিগত 24 ঘণ্টাত নতুনকৈ 63,509 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷ অৱশ্যে বৰ্তমানলৈ দেশত এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 63 লক্ষাধিকলৈ বৃদ্ধি পাইছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 87.05 শতাংশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷
14 অক্টোবৰলৈ দেশত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 1,10,586 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত দেশজুৰি 730 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷
সম্প্ৰতি ভাৰতত 8,26,876 গৰাকী সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 11.42 শতাংশ ৷ বৰ্তমানলৈ 63,01,927 গৰাকী ৰোগীয়ে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷