নিউজ ডেস্ক, 2 আগষ্ট : মহামাৰী কৰ'ণাত আক্ৰান্ত এগৰাকী মহিলাই শনিবাৰে প্ৰসৱ কৰিলে যমজ সন্তান ৷ কেৰালাৰ কান্নুৰ পৰিয়াৰাম মেডিকেল কলেজ হাস্পতালত প্ৰসৱ কৰা সন্তানদ্বয় বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷
আনহাতে, ঘটনা সন্দৰ্ভত স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিভাগৰ মুৰব্বী ডাঃ অজীনে কয় যে,প্ৰসূতি গৰাকীৰ C section surgery কৰা হৈছে ৷ মহামাৰী কৰ'ণা সংকটৰ সময়ছোৱাত কান্নুৰ এইটো 14 নং C section surgery. ৷ লগতে যমজ শিশু দুটা সম্পূৰ্ণৰূপে সুস্থ থকাৰ উপৰিও নৱজাতক শিশু দুটিৰ ওজন ক্ৰমে 2.25 আৰু 2.35 কিলোগ্ৰাম বুলি উল্লেখ কৰে ৷ বিগত জুলাই মাহৰ পৰা প্ৰসূতি সম্বন্ধীয় চিকিৎসাৰ বাবে চিকিৎসাধীন হৈ থকা মহিলা গৰাকীৰ In Vitro Fertilisation (IVF) পদ্ধতিৰ দ্বাৰা গৰ্ভধাৰণ কৰা হয় বুলিও সদৰি কৰে চিকিৎসকে ৷