অসম

assam

ETV Bharat / bharat

কাশ্মীৰৰ জাকজমক বিয়াৰ উছাহত পানী ঢালিছে কোভিডে - COVID pandemic

কাশ্মীৰত বিয়াবোৰ ধূমধামেৰে আয়োজন কৰা হয় । খৰাঙে বৰষুণৰ অপেক্ষা কৰাৰ দৰেই দৰা আৰু কইনাই বিয়াৰ দিনটোলৈ অপেক্ষা কৰি থাকে । বিয়াত কাক কাক মাতিব তাৰ বাবে তালিকা কেইবা সপ্তাহ আগেয়ে প্ৰস্তুত কৰা হয় । কিন্তু এই বছৰ মহামাৰী আৰু নতুন নিৰ্দেশাৱলীয়ে বিয়াবোৰৰ সেই ধুমধাম আয়োজনত বাধা দিছে । যাৰ ফলত কাশ্মীৰৰ পৰম্পৰাগত বিয়াৰ ৰূপৰস হেৰাই গৈছে ।

COVID pandemic casts curtains on Kashmir's gala weddings
COVID pandemic casts curtains on Kashmir's gala weddings

By

Published : Sep 23, 2020, 8:52 AM IST

যিদিনা শ্ৰীনগৰৰ মুদাছিৰ য়াকুবৰ বিয়াৰ প্ৰস্তাৱ কইনাজনীক দিয়া হৈছিল, সেইদিনাই তেওঁ জাকজমককৈ বিয়াখন পতাৰ পৰিকল্পনা কৰিছিল । যোৱা বছৰৰ আগষ্ট মাহত তেওঁৰ বিয়াৰ তাৰিখ ঠিক হৈছিল । কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ ফলত সৃষ্ট পৰিৱেশৰ বাবে বিয়াখন মাৰ্চলৈ পিছুৱাই দিয়া হয় । মাৰ্চত কোভিড মহামাৰীৰ লকডাউনৰ বাবে বিয়াৰ তাৰিখ আকৌ পিছুৱাই দিবলৈ বাধ্য হয় যুৱকজন ।

এই সময়ছোৱাত জীৱনৰ অন্যতম মূল্যৱান আৰু সুখকৰ মুহূৰ্তৰ বাবে মুছাদিৰে কৰা অপেক্ষা তেওঁৰ বাবে দুৰ্বিসহ হৈ পৰিল । পঁচিশ বছৰীয়া দৰাজনে কাহানিও ভবা নাছিল যে বিয়াত মাতিবলগীয়া অতিথিৰ তালিকাৰ বাবেও তেওঁ চৰকাৰৰ অনুমতি ল’ব লাগিব ।

এই সন্দৰ্ভত তেওঁৰ মন্তব্য -"আমাৰ বিয়া যোৱা বছৰতেই হোৱাৰ কথা আছিল । কিন্তু ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ বাবে কাশ্মীৰৰ পৰিস্থিতিৰ অৱনতি ঘটে আৰু আমি বিয়াখন পিছুৱাই দিবলৈ বাধ্য হওঁ । এই বছৰৰ মাৰ্চত কোভিড-১৯ ৰ বাবে আমি পুনৰ বিয়াখন পিছুৱাই দিবলগীয়া হয় ।"

কাশ্মীৰত বিয়াবোৰ ধূমধামেৰে আয়োজন কৰা হয় । খৰাঙে বৰষুণৰ অপেক্ষা কৰাৰ দৰেই দৰা আৰু কইনাই বিয়াৰ দিনটোলৈ অপেক্ষা কৰি থাকে । বিয়াত কাক কাক মাতিব তাৰ বাবে তালিকা কেইবা সপ্তাহ আগেয়ে প্ৰস্তুত কৰা হয় । ৱাজৱান নামৰ এক সুপ্ৰসিদ্ধ খাদ্য বিবাহ অনুষ্ঠানবোৰত এটা ডাঙৰ হলত কাঁহৰ কাহীত পৰিৱেশন কৰা হয় । জকমকীয়া সাজ-পোছাকেৰে দৰা-কইনাক সজোৱা হয় ।

ছয়মহীয়া শীতকাল বসন্তৰ প্ৰথম ৰ’দৰ পৰশত আঁতৰি যোৱাৰ সময়তে মাৰ্চৰ পৰা কাশ্মীৰত বিয়াৰ বতৰ আৰম্ভ হয় । কিন্তু এই বছৰ মহামাৰী আৰু নতুন নিৰ্দেশাৱলীয়ে বিয়াবোৰৰ সেই ধুমধাম আয়োজনত বাধা দিছে । যাৰ ফলত কাশ্মীৰৰ পৰম্পৰাগত বিয়াৰ ৰূপৰস হেৰাই গৈছে ।

নতুন নিয়ম অনুসৰি বিভিন্ন জ’ন ভেদে ৩০ ৰ পৰা ৫০ জনলৈকে অতিথি উপস্থিতি থাকিব পাৰে । নিয়ম ভংগ কৰিলে আৰক্ষীয়ে মহামাৰী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । শ্ৰীনগৰৰ উপায়ুক্ত শ্বাহিদ ইকবাল চৌধুৰীয়ে জনায় যে বিয়াৰ বাবে পূৰ্বানুমতি আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক ।

কাশ্মীৰ উপত্যকাত কোভিড-১৯ সংক্ৰমণে জীৱন আৰু জীৱিকাৰ ওপৰত তীব্ৰ প্ৰভাৱ পেলাইছে । কাশ্মীৰত এতিয়ালৈকে কমেও ৪১৫৬০ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে ৭৭৮ জন ৰোগীৰ মৃত্যু হৈছে ।

চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীয়ে কাশ্মীৰত বিয়াৰ ধাৰণাকে সলনি কৰি পেলাইছে । সমগ্ৰ পৰিয়াল আৰু বন্ধুবৰ্গই কেইবা সপ্তাহৰ বাবে ভোজ ভাতৰ বাবে বিয়ালৈ অহাটো এই নিয়মৰ অধীনত সম্ভৱপৰ নহয় ।

মুদাছিৰে এই সম্পৰ্ত কয়- "প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ পাছত এই বছৰৰ আগষ্ট মাহত আমি বিয়াখন পাতোঁ । আমি কোভিড-১৯ ৰ সকলো নিৰ্দেশাৱলী পালন কৰিছোঁ । যাতে ভিৰ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সম্পৰ্কীয়বোৰক মতা নাছিল ।"

বিয়াবোৰে কাশ্মীৰৰ অৰ্থনৈতিক ব্যৱস্থা সবল কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিয়নো ৰান্ধনি, ডেকৰেশ্বনৰ পৰা বিভিন্ন খণ্ডত যথেষ্ট পৰিমাণৰ ধন বিয়াৰ নামত খৰচ কৰা হয় ।

মুদাছিৰৰ মতে তেওঁলোকে এই মহামাৰীৰ পৰা বহু কথাই শিকিলে ।

"এই মহামাৰীৰ পৰাই আমাৰ এটা লাভ হ’ল—আমি সাধাৰণভাৱে বিয়া পতা শিকিলোঁ । এনে সাধাৰণ বিয়াবোৰত খাদ্যৰ অপচয় নহয় । ইয়াৰ ফলতো ধন ৰাহি হয় ।"

লেখক :ইব্ৰাহিম মুছা, ছাজাদ ভাট

লগতে পঢ়ক :কৃষকসকলক এনেকৈয়ে নিশ্চয়তা প্ৰদান কৰা হয়নে কি ?

ABOUT THE AUTHOR

...view details