নিউজ ডেস্ক,১৮জুলাই : একেটা দিনতে ৮০৬ গৰাকীকৈ লোকৰ শৰীৰত ক'ভিড-১৯ ধৰা পৰা গ্ৰেটাৰ হায়দৰাবাদ হৈ পৰিছে ক'ৰণাৰ হ'টস্পট । একে ধৰণে ৰাজ্যখনৰ অন্যান্য প্ৰান্ততো ভয়াবহভাৱে সংক্ৰমণ হৈছে মাৰাত্মক ভাইৰাছৰ । হায়দৰাবাদৰ গাতে লাগি থকা ৰঙ্গাৰেড্ডী আৰু মেদচ'ল জিলা দুখনত শুকুৰবাৰে ক'ভিড-১৯ৰ সংক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা হৈছে ক্ৰমে ৯১ আৰু ৮২ । তাৰোপৰি সমগ্ৰ ৰাজ্যখনৰ ৩৩ খন জিলাৰ ভিতৰত ৩০খন জিলাতেই পোৱা গ'ল ক'ভিড আক্ৰান্ত লোক ।
ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰৰ দিনটোত ১৪১০ গৰকী ক'ভিড আক্ৰান্ত সুস্থ হৈ উঠাৰ বাবে তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবৰ বাবে অনুমতি দিয়া হৈছে । তাৰোপৰি বৰ্তমানলৈকে ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৩৮,৭০৫ গৰাকী । এই হিচাবত ৰাজ্যত এতিয়ালৈকে ৬৮ শতাংশ ৰোগী সুস্থ হৈ উঠিছে । আনহাতে চিকিৎসালয় অথবা হোম আইচ'লেশ্ব্যনত মুঠ ১৩,৩৮৯ গৰাকী ক'ভিড-১৯ আক্ৰান্ত ৰোগীক চিকিৎসা কৰি থকা হৈছে ।