কৰ্ণাটক,17 অক্টোবৰ:কৰ্ণাটকত অভিলেখসংখ্যকভাৱে এদিনতে 8,580 গৰাকী কৰ’ণা ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যখনত 7,542 গৰাকী লোক নতুনকৈ আক্ৰান্ত হয় কৰ’ণাত ৷ ৰাজ্যখনত বিগত 24 ঘণ্টাত ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছেগৈ 6,28,588 গৰাকী ৷
সম্প্ৰতি কৰ্ণাটকত 7,51,390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ যাৰ ভিতৰত এতিয়াও ভাইৰাছবিধৰ সৈতে যুঁজি আছে 1,12,427 গৰাকী লোকে ৷ বৰ্তমানলৈকে 10,356 গৰাকী ব্যক্তিয়ে কৰ’ণাত মৃত্যুবৰণ কৰিছে ৷