নিউজ ডেস্ক, 4 আগষ্ট :ক'ভিড-19 ৰ সমান্তৰালভাবে বানপানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ একমাত্ৰ বানপানীয়ে নহয় সময়ে সময়ে বিভিন্ন ধৰণৰ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগে প্ৰভাৱিত কৰি আহিছে অসম, উত্তৰ-পূৰ্বাঞ্চল তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ৷
শেহতীয়াকৈ, ভাৰত তথা বাংলাদেশৰ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ হোৱা লোকক সহায়ৰ হাত আগবঢ়াইছে Greta Thunberg নামৰ জলবায়ু কৰ্মী গৰাকীয়ে ৷ শেহতীয়াকৈ টুইটযোগে এই কথা প্ৰকাশ কৰিছে Greta Thunberg য়ে ৷ দুয়োখন ৰাষ্ট্ৰৰ বানপীড়িত লোকক সহায়ৰ বাবে BRAC, Goojn, Action নামৰ সংগঠন কেইটাক এই অনুদান প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছে জলবায়ু কৰ্মী গৰাকীয়ে ৷ দুয়োখন ৰাষ্ট্ৰক জলবায়ু কৰ্মী Greta Thunberg য়ে 88,25,000 লাখ টকাৰ অনুদান আগবঢ়াইছে ৷