অসম

assam

২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৭,২৯৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত

By

Published : Jun 26, 2020, 1:43 PM IST

বিগত ২৪ ঘণ্টাত কোভিড-১৯ মহামাৰীৰ ফলত দেশত মৃত্যুমুখত পৰিছে ৪০৭ ৰোগী । বৰ্তমান ভাৰতত কোভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫,৩০১ গৰাকীলৈ বৃদ্ধি হৈছে ।

COVID-19
COVID-19: With highest single-day spike of 17,296 new cases, India's tally nears 5 lakh mark

নিউজ ডেস্ক, ২৬ জুনঃ বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৭,২৯৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। এইপৰ্যন্ত দেশজুৰি ৪,৯০,৪০১ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ।

২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৭,২৯৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৪০৭ গৰাকী ৰোগী। বৰ্তমান ভাৰতত কোভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫,৩০১ গৰাকীলৈ বৃদ্ধি হৈছে। আনহাতে, দেশত কোভিড আক্ৰান্ত ৪,৯০,৪০১ গৰাকী লোকৰ ভিতৰত ১,৮৯,৪৬৩ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২,৮৫,৬৩৭ গৰাকীয়ে।

ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি ২৫ জুনলৈকে দেশত মুঠ ৭৭,৭৬,২২৮ গৰাকী লোকৰ কোভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে। বৃহস্পতিবাৰৰ দিনটোতে ২,১৫,৪৪৬ গৰাকী লোকৰ নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিছে।

ইফালে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী আৰু তামিলনাডুত সৰ্বাধিক লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। বৰ্তমান মহাৰাষ্ট্ৰত ১,৪৭,৭৪১ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হোৱাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৬,৯৩১ গৰাকী ৰোগী।

ৰাজধানী দিল্লীতো দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। এইপৰ্যন্ত ৭৩,৭৮০ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে ২,৪২৯ গৰাকী লোকৰ মৃত্যু হৈছে।

একেদৰে, তামিলনাডুতো ৭০,৯৭৭ গৰাকীলৈ কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । তামিলনাডুৰ চেন্নাইত অধিক সংখ্যক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। বৰ্তমানলৈকে ৰাজ্যখনত কোভিড-১৯ মহামাৰীৰ ফলত ৯১১ গৰাকী লোক মৃত্যুমুখত পৰিছে।

লগতে পঢ়ক : নিজ স্বামীক হত্যা কৰি আৰক্ষীৰ জালত দিল্লীৰ মহিলা

ABOUT THE AUTHOR

...view details