নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী: বিশ্বজুৰি অতিমাৰী কৰ'ণাৰ ভয়াৱহতা আৰু ইয়াৰ নতুন ষ্ট্ৰেইন দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সময়তে ভাৰততো কৰ'ণা প্ৰতিষেধক টীকাকৰণৰ কাম ইতিমধ্যে আৰম্ভণিৰ প্ৰস্তুতি চলোৱা হৈছে । নিৰ্বাচন সদৃশ হ'ব COVID-১৯ প্ৰতিষেধক টীকাকৰণ । যাতে কোনো এজন লোক টীকাকৰণৰ পৰা বিৰত থাকিব নালাগে । ইয়াৰ বাবে প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়া হৈছে ।
প্ৰতিখন জিলাতে COVID-১৯ প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে । দেশৰ ৭১৯ খন জিলাত ৫৭,০০০তকৈও অধিক লোকে COVID-১৯ প্ৰতিষেধক টীকাকৰণৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে । বৰ্তমানলৈ ৯৬,০০০ টীকাকৰণ দিয়া লোকক প্ৰশিক্ষণ দিয়া হৈছে । এই কথা টুইটযোগে জনায় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে ।
সমগ্ৰ দেশতে টীকাকৰণ অভিযান পূৰ্ণগতিত চলিছে । শনিবাৰে মন্ত্ৰীগৰাকীয়ে দিল্লীৰ চাহদাড়াস্থিত গুৰু টেগ বাহাদুৰ হাস্পতাল চমুকৈ GTB আৰু নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চমুকৈ UPHC COVID-১৯ প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ ড্ৰাই ৰাণ প্ৰশিক্ষণৰ নিৰীক্ষণ কৰে । লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহতো ইয়াৰ পৰিদৰ্শন কৰি সকলোকে নিশ্চিন্তমনে টীকাকৰণ ল'বলৈ আহ্বান জনায় আৰু প্ৰথম পৰ্যায়ৰ টীকাকৰণ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব বুলিও কয় । প্ৰাথমিক পৰ্যায়ত জুলাই মাহলৈকে ২৭ কোটি লোকক টীকাকৰণৰ অন্তিম ৰূপ দিয়াৰ বাবে পৰ্যালোচনা কৰা হৈছে ।
ইফালে পুণেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ SIIক জৰুৰীকালীন ব্যৱহাৰৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে CDSCO ৰ বিষয় বিশেজ্ঞ সমিতিয়ে এক বৈঠক অনুষ্ঠিত কৰি অনুৰোধ জনায় ।
লগতে পঢ়ক: সংঘাতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৰাইজৰ জীৱন দুৰ্বিসহ কৰিছে