নিউজ ডেস্ক, 20 মাৰ্চ:বিশ্বব্যাপী এতিয়াও সন্ত্ৰাসৰ কাৰক হৈ আছে মহামাৰীৰ Covid-19 ৷ ভাৰতবৰ্ষতো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 223 জনলৈ ৷ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য ৷ ইয়াৰে 191 গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে 32 গৰাকী হৈছে বিদেশী মূলৰ ৷ আনহাতে 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 23 গৰাকী লোক আৰোগ্য হৈছে ভাৰতত ৷
ভাৰতৰ মহাৰাষ্ট্ৰত বৰ্তমানলৈকে সৰ্বাধিক 49 টাকৈ কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে কেৰালাত 26 টা ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে উত্তৰ প্ৰদেশত 22 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷