অসম

assam

ETV Bharat / bharat

বিধায়ক,চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ ঘোষণা তেলেংগানাৰ - উচ্চস্তৰীয় বৈঠক

চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ তেলেংগানা চৰকাৰৰ ৷ মুখ্যমন্ত্ৰী,কেবিনেট মন্ত্ৰীৰ 75 শতাংশলৈ দৰমহা কৰ্তন ৷

75 শতাংশলৈ দৰমহা কৰ্তন
দৰমহা কৰ্তনৰ ঘোষণা তেলেংগানাৰ

By

Published : Mar 31, 2020, 2:20 PM IST

নেশ্যনেল ডেস্ক, 31 মাৰ্চ : এক উচ্চস্তৰীয় বৈঠকত তেলেংগানা চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ'ণা ভাইৰাছৰ বাবে দেখা দিয়া অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ সোমবাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি,10ৰ পৰা 75 শতাংশলৈ কৰ্তন যাব চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা ৷

প্ৰগতি ভৱনত আয়োজন কৰা এই বৈঠকত 75 শতাংশকৈ মুখ্যমন্ত্ৰী,কেবিনেটৰ মন্ত্ৰীবৰ্গ,বিধায়ক,ৰাজ্যিক নিগমসমূহৰ অধ্যক্ষ আৰু স্থানীয় বিভাগসমূহৰ প্ৰতিনিধিসকলৰ দৰমহা কৰ্তন যাব ৷

আনহাতে,IAS,IPS IFS,অন্যান্য কেন্দ্ৰীয় সেৱা বিষয়া আৰু এই শ্ৰেণীৰ কৰ্মচাৰীসকলৰ 50 শতাংশ দৰমহা কৰ্তন হ'ব ৷ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ 10 শতাংশ দৰমহা কৰ্তন যোৱাৰ পৰিৱৰ্তে সকলো শ্ৰেণীৰ পেঞ্চনাৰৰো 50 শতাংশ কৰ্তন কৰা হ'ব ৷

চতুৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত লোকৰ বাবে 10 শতাংশ কৰ্তন যাব ৷ আনহাতে, সকলো ব্যক্তিগত খণ্ডৰ সেৱা (PSUs), চৰকাৰী অনুদান লাভ কৰা সংস্থানসমূহৰ কৰ্মচাৰীৰো দৰমহা কৰ্তন যাব ৷ কিন্তু, কিমান সময়লৈকে এই দৰমহা কৰ্তন কৰা হ'ব আৰু এই কৰ্তন যোৱা টকা কৰ্মচাৰীসকলে পুনৰ ঘূৰাই পাব নে সেই সম্পৰ্কত বৰ্তমানলৈকে কোনো তথ্য প্ৰকাশ কৰা নাই ৷

সোমবাৰ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, তেলেংগানাত বৰ্তমানলৈকে কৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 71 লৈ বৃদ্ধি পাইছে ৷

সমগ্ৰ ভাৰততে বৰ্তমান কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1251 জন হোৱাৰ বিপৰীতে মৃত্যু হৈছে 32 জনৰ ৷ ইয়াৰোপৰি, 1,117 টা ঘটনা বৰ্তমানেও সক্ৰিয় অৱস্থাত আছে বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ৷

আৰু পঢ়ক :

গ্ল'ৱেল কোভিড-19 ট্ৰেকাৰঃ দিশহাৰা নিউয়ৰ্ক

ABOUT THE AUTHOR

...view details