অসম

assam

মিজোৰামত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ১৪৭ গৰাকীলৈ বৃদ্ধি

মিজোৰামৰ ১৪৭ গৰাকী কোভিড-১৯ পজিটিভ লোকৰ ভিতৰত বৰ্তমান চিকিৎধীন অৱস্থাত আছে ১০০ গৰাকী ৰোগী। আনহাতে, ৪৭ গৰাকী ৰোগীয়ে এই মহামাৰীৰ কৱলৰ পৰা উপশম ঘটিছে ।

By

Published : Jun 26, 2020, 9:59 PM IST

Published : Jun 26, 2020, 9:59 PM IST

COVID-19
COVID-19 tally in Mizoram reaches 147

নিউজ ডেস্ক, ২৬ জুনঃ মিজোৰামত ১৪৭ লৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে চুবুৰীয়া ৰাজ্যখনৰ তথ্য আৰু জন-সম্পৰ্ক বিভাগে (Department of Information & Public Relations) প্ৰকাশ কৰিছে এই তথ্য।

মিজোৰামত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ১৪৭ গৰাকীলৈ বৃদ্ধি

১৪৭ গৰাকী কোভিড-১৯ পজিটিভ লোকৰ ভিতৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ১০০ গৰাকী ৰোগী। আনহাতে, ৪৭ গৰাকী ৰোগীয়ে এই মহামাৰীৰ কৱলৰ পৰা উপশম লাভ কৰিছে। তথ্য আৰু জন-সম্পৰ্ক বিভাগে প্ৰকাশ তথ্য অনুসৰি বৰ্তমানলৈকে মিজোৰামত কোভিড-১৯ত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই।

উল্লেখ্য যে, দেশৰ কোভিড-১৯ আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ প্ৰথম স্থানত থকাৰ বিপৰীতে সৰ্বশেষত আছে মেঘালয়। চুবুৰীয়া ৰাজ্যখনত ৪৭ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে ১জন লোকৰ এই মহামাৰীত মৃত্যু হৈছে। মেঘালয়ত কোভিড-১৯ আক্ৰান্ত লোকসকলৰ ভিতৰত ইতিমধ্যে ৪২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে। সম্প্ৰতি কেৱল ৪ গৰাকী ৰোগীহে চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : বাইহাটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা এজনৰ

ABOUT THE AUTHOR

...view details