নিউজ ডেস্ক, 22 ডিচেম্বৰ: যোৱা দশককেইটাত ভাৰতবৰ্ষত সামাজিক প্ৰমূল্যবোৰ তথা কঠোৰতকৈও কঠোৰতম মনোভাৱবোৰৰ প্ৰতি গ্ৰহণ যোগ্যতা, উদাৰতা বৃদ্ধি পাই সামজখনত এক আমূল পৰিবৰ্তনৰ সূচনা হোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে যেতিয়াই যৌন শিক্ষাৰ প্ৰশ্ন উত্থাপিত হয়, দেখা যায় যে এই ক্ষেত্ৰত এতিয়াও বহু কৰণীয় বাকী আছে ৷
কৰ'ণা মহামাৰীৰ বাবে বিদ্যালয় সমূহ বন্ধ হৈ পৰাৰ ফলত যৌন শিক্ষাৰ ক্ষেত্ৰত যি যৎকিঞ্চিত সুবিধাখিনি উপলব্ধ আছিল সেইকণো নোহোৱা হৈ থাকিল ৷ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ বাৰ্তা বিনিময় তথা শ্ৰেণী কোঠাত নিজৰ বন্ধুমহলৰ লগত হোৱা ভাৱ বিনিময় প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল ৷ ছাত্ৰ-ছাত্ৰী সকল স্ব গৃহতে বন্দী হৈ থাকিবলগীয়া হোৱাৰ ফলত, লগতে শিক্ষক সকলে অনলাইন যোগে দিয়া পাঠদান গ্ৰহণ কৰিবলৈ ঘন্টাৰ পাচত ঘন্টা ধৰি ম’বাইল স্ক্ৰীণত চকু নিবদ্ধ কৰি ৰাখিবলগীয়া হোৱাৰ বাবে তেওঁলোকে অৱসাদ আৰু হতাশা অনুভৱ কৰিবলৈ ধৰিলে ৷ সহপাঠী তথা বন্ধুবৰ্গক সাক্ষাৎ কৰি ভাৱ-বিনিময় কৰা তথা কিবা এটা নতুন বিষয় সন্মুখত উন্মোচিত হোৱাৰ লগে লগেই তাৰ সবিশেষ জানিবলৈ কৰা হাবিয়াস সম্প্ৰতি কিশোৰ সকলৰ বাবে আৰু অধিক কঠিন হৈ পৰিছে ৷ অন্যহাতেদি আন এটা চিন্তাজনক বিষয় হ’ল; ছাত্ৰ-ছাত্ৰীসকলে অনলাইনত বহু সময় ধৰি ব্যস্ত থাকিবলগীয়া হোৱাটো ৷ যাৰ পৰিণতিত বহু কিশোৰ-কিশোৰী “ছাইবাৰ বুলিং” আৰু “অনলাইন হাৰাছমেন্ট”ৰ সন্মুখীন হ’ব লগা হৈছে ৷ যৌন শিক্ষাৰ বাবে এক যথোপযুক্ত পৰিকাঠামো তৈয়াৰ কৰি নল’লে ই আৰু অধিক বেয়ালৈহে ঢাল খাব ৷
ইন্টাৰনেটৰ হাইপাৰ কনেকটিভিটিৰ যুগৰ লগতে মহামাৰীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নক ঘৰলৈকে সংকোচিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি, আমি শিক্ষাৰ পদ্ধতি আৰু দৃষ্টিকোণ উভয়ৰে পৰিৱৰ্তন সাধন কৰিব লাগিব ৷ পৰম্পৰাগত পদ্ধতিত ৰৈ যোৱা আসোঁৱাহবোৰ দূৰ কৰি যৌন শিক্ষাক প্ৰকৃতাৰ্থত সন্মিলিত, প্ৰগতিশীল, লিংগ নিৰপেক্ষ কৰি তুলিব লাগিব আৰু প্ৰচলিত বাতাৱৰণৰ পৰা যাতে নিলগত ৰৈ একাষৰীয়াকৈ হৈ নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ৷
দেশৰ এক বৃহৎ অঞ্চলত উদ্বেগজনকভাৱে যৌন শিক্ষাৰ অভাৱ থকাৰ বাবেই যে যৌন হিংসা আৰু উৎপীৰণবোৰ সংঘটিত হৈ আছে; সেই সম্পৰ্কে জনগণৰ মাজত কিঞ্চিত পৰিমাণেহে সচেতনতা থকা দেখা যায় ৷ সন্মতি প্ৰকাশ, বলপূৰ্ৱক সম্পৰ্ক স্থাপন আৰু বালাৎকাৰৰ মাজত থকা ব্যৱধানৰ বিষয়ে এতিয়াও সামজখনলৈ স্পষ্টতা অহা নাই ৷ ইয়াৰ বিপৰীতে যৌন উৎপীৰণৰ সন্মুখীন হোৱা ভুক্তভোগী সমাজৰ চকুত কলংকিতা হিচাপে চিহ্নিত হ’বলগীয়া হোৱা উদাহৰণবোৰে দুষ্কৃতিকাৰীবোৰকহে উৎসাহ যোগাই আহিছে ৷ ইউনিছেফ আৰু প্ৰয়াস নামৰ এক এন জি অ’ৰ দ্বাৰা পৰিচালনা কৰা তথা ভাৰতীয় নাৰী আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ এক অধ্যয়নত এখন হতাশাজনক ছবি পোহৰলৈ আহিছে ৷ এই অধ্যয়নৰ মতে ৫ ৰ পৰা ১২ বছৰ বয়সৰ ভিতৰৰ ৫৩ শতাংশ শিশু যৌন উৎপীৰণৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ বহুকেইটা উদাহৰণত দেখা গৈছে যে, ভুক্তভোগীসকল কোনো নিকটাত্মীয়ৰ দ্বাৰাই উৎপীৰণৰ সন্মুখীন হৈ আহিছে আৰু ইয়াৰে অৰ্ধেক সংখ্যক বা ততোধিক ঘটনা পোহৰলৈ নহাকৈয়ে থাকি যায় ৷
যৌন শিক্ষাৰ ক্ষেত্ৰত এক বহল দৃষ্টিভংগীৰ প্ৰয়োজন:
অনেক সময়ত ভাৰতবৰ্ষত যৌন শিক্ষাক কিশোৰী অৱস্থাত হোৱা গৰ্ভধাৰণ আৰু এইছ আই ভি/এইডছৰ সমাৰ্থক বুলি গণ্য কৰা হয় ৷ আনকি মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱকো সিমান গুৰুত্ব সহকাৰে লোৱা নহয় ৷ এই বিষয়টোক আৰু অধিক ব্যাপকতাৰে অনুধাৱন কৰাৰ লগতে ইয়াক লিংগ চিনাক্তকৰণ, অভিমুখী প্ৰক্ৰিয়া আৰু বৈচিত্ৰতাৰ একেডাল সুতাতে গাঁঠি লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷
আন এটা সমস্যা হ’ল, এই বিষয়টোক এটা আৱশ্যকীয় বিষয় হিচাপে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাক লৈ ব্যাপক সমৰ্থন লাভ কৰা স্বত্বেও বহু বিদ্যালয় তথা বহু সংখ্যক শৈক্ষিক প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমত এতিয়াও কোনো ধৰণৰ যৌন শিক্ষা বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷
“য়ুথ কোৱালিশ্যন ফৰ ছেক্সুৱেল এণ্ড ৰিপ্ৰ’ডাক্টিভ ৰাইটছ”ৰ মতে বহু বিদ্যালয়, চৰকাৰী বা বেচৰকাৰী উচ্চতৰ মাধ্যমিক শিক্ষাৰ ৰাজ্যিক ব'ৰ্ডসমূহৰ পাঠ্যক্ৰমত কোনো ধৰণৰ যৌন শিক্ষা বিষয়ক পাঠ অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷
“ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা” (নাক’) আৰু ইউনাইটেড নেশ্যনেল ছিল্ড্ৰেন ফাণ্ড চমুকৈ ইউনিছেফৰ সহযোগত ভাৰত চৰকাৰে ২০০৭ চনত “বয়ঃসন্ধি শিক্ষা কাৰ্যসূচী” (এড’লিছেঞ্চ এজুকেশ্যন প্ৰ’গ্ৰাম)ৰ বাবে উদ্যোগ লৈছিল ৷ সেই একেটা বৰ্ষতে চৰকাৰৰ দ্বাৰা ইয়াক সমগ্ৰ ৰাজ্য কেইখনতে চলোৱা হৈছিল ৷ এম এইছ আৰ ডিয়ে এই পদক্ষেপক “যুৱচামক সঠিক, বয়সানুযায়ী আৰু সাংস্কৃতিকৰূপে প্ৰাসংগিক, সুস্থ চিন্তাধাৰা আৰু ইতিবাচক দৃষ্টিভংগীৰে সৈতে জীৱনৰ প্ৰকৃত ছবিখনেৰে মুকাবিলা কৰিবলৈ তেওঁলোকৰ বিকাশ সাধন কৰা”ৰ এক মহত্বপূৰ্ণ পদক্ষেপ বুলি স্বীকাৰ কৰিছিল যদিও ইয়াক বাস্তৱায়িত কৰাহে নহ’ল ৷ পৰৱৰ্তী পৰ্যায়ত ১২ খনতকৈও অধিক ৰাজ্যই ইয়াক অনুপযোগী বুলি চিনাক্ত কৰে ৷
সামাজিক আৰু সাংস্কৃতিক সংবেদনশীলতাবোৰৰ পৰিৱৰ্তন হৈছে যদিও এতিয়াও যৌনতা আৰু যৌনাচাৰক সমাজখনত নিষিদ্ধ বুলিয়েই গণ্য কৰা হয় ৷ এই বিষয় সম্পৰ্কত এক সততাপূৰ্ণ, যুক্তিসংগত, সুস্থ আৰু স্বচ্ছ আলোচনাৰ অভাৱ থকাৰ বাবেই ইয়াক লজ্জাজনক আৰু অস্বীকাৰ্যৰূপে গণ্য কৰি অহা হৈছে ৷
প্ৰকৃতপক্ষে এক সৰ্বাত্মক গ্ৰহণযোগ্য দৃষ্টিভংগীৰ প্ৰয়োজন:
ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০২০ এ যদিও শাৰীৰিক সুস্থতা আৰু “লিংগ সংবেদনশীলতা”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিছে তৎস্বত্বেও বয়ঃসন্ধি পৰ্বৰ যৌন শিক্ষাক আওকান কৰিছে ৷