অসম

assam

ETV Bharat / bharat

কোভিদ 19 ফ্লুৰ তুলনাত অধিক ভয়াবহঃ বিশ্ব স্বাস্থ্য সংস্থা - কোভিদ 19

বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰকাশ কৰা অনুসৰি, ইনফ্লুয়েঞ্জা অথবা ফ্লুৰ তুলনাত কোভিদ-19 (কোৰোণা ভাইৰাছ) কমকৈ বিয়পে ৷ কিন্তু ইনফ্লুয়েঞ্জা অথবা ফ্লুতকৈ কোভিদ-19 ৰ দ্বাৰা সংঘটিত শাৰিৰীক অসুস্থতা অধিক ভয়াৱহ বুলিয়ো সংস্থায়ে প্ৰকাশ কৰে ৷ মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিচালন সঞ্চালক টেডৰছ অধানম গেবৰিছুচে কয় যে,‘কোভিদ-19 ফ্লু অথবা ইনফ্লুয়েঞ্জাৰ তুলনাত কমকৈ বিয়পাৰ লগতে সুস্থ সৱল ব্যক্তিৰ দেহত ই প্ৰৱেশ কৰিব নোৱাৰে ৷

COVID 19 slower than flu but more dangerous: WHO
কোভিদ 19

By

Published : Mar 4, 2020, 8:45 PM IST

নতুন দিল্লী,4 মাৰ্চঃ বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰকাশ কৰা অনুসৰি, ইনফ্লুয়েঞ্জা অথবা ফ্লুৰ তুলনাত কোভিদ-19 (কোৰোণা ভাইৰাছ) কমকৈ বিয়পে ৷ কিন্তু ইনফ্লুয়েঞ্জা অথবা ফ্লুতকৈ কোভিদ-19 ৰ দ্বাৰা সংঘটিত শাৰিৰীক অসুস্থতা অধিক ভয়াৱহ বুলিয়ো সংস্থায়ে প্ৰকাশ কৰে ৷ মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিচালন সঞ্চালক টেডৰছ অধানম গেবৰিছুচে কয় যে,‘কোভিদ-19 ফ্লু অথবা ইনফ্লুয়েঞ্জাৰ তুলনাত কমকৈ বিয়পাৰ লগতে সুস্থ সৱল ব্যক্তিৰ দেহত ই প্ৰৱেশ কৰিব নোৱাৰে ৷ কিন্তু ইনফ্লুয়েঞ্জাৰ ক্ষেত্ৰত সুস্থ ব্যক্তিৰ দেহটো এই ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে’৷

বিশ্ব স্বাস্থ্য সংস্থায়ে ভাইৰাছবিধক লৈ উপলব্ধ তথ্যৰ ওপৰত সম্প্ৰতি কাম কৰি আছে ৷ আমি যিমান সংখ্যক তথ্য লাভ কৰিছো, সিমানে ভাইৰাছবিধক বুজি পোৱাৰ লগতে ইয়াৰ দ্বাৰা সংক্ৰমিত হোৱা বেমাৰবিধক চিনাক্ত কৰাত সুবিধা হৈছে ৷ এই ভাইৰাছ SARS অথবা MERS অথবা ইনফ্লুয়েঞ্জা নহয় ৷ ই এক বিশেষ বৈশিষ্ট্যৰে পৰিপূৰ্ণ ভাইৰাছ ৷ ইনফ্লুয়েঞ্জা আৰু কোভিদ-19 দুয়োটায়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু নাক তথা মুখেৰে ই সংক্ৰমিত হয় ৷ অৱশ্যে দুয়োটা ক্ষেত্ৰতে কিছুমান ভিন্নতা আছে ৷ কিছুমান দেশে কোভিদ-19 ৰ ক্ষেত্ৰত ইনফ্লুয়েঞ্জাৰ বাবে গ্ৰহণ কৰা পৰিদৰ্শনকাৰী ব্যৱস্থা আৰু শ্বাস-প্ৰশ্বাসজনিত ব্যৱস্থাৰে ইয়াক চোৱাচিতা কৰিছে ৷ চীনৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই লাভ কৰা তথ্য অনুসৰি,1 শতাংশ কোভিদ-19 য়ে কোনো লক্ষণ প্ৰদৰ্শন নকৰাৰ বিপৰীতে বেছিভাগ সংক্ৰমণ দুই দিনৰ ভিতৰত সংঘটিত হৈছে ৷

কোভিদ 19

সমগ্ৰ বিশ্বতে, 90,893টা কোভিদ-19 ৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে 3,110টা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত 24 ঘন্টাত 129টা কোভিদ-19 ৰ ঘটনা পোহৰলৈ আহিছে ,যিটো 20 জানুৱাৰীৰ পিছত সৰ্বনিম্ন ৷ চীনৰ বাহিৰে বিশ্বৰ 48খন দেশত 1,848টা কোভিদ-19 ৰ ঘটনা পোহৰলৈ আহিছে য’ত 80% কোৰিয়া, ইৰাণ আৰু ইটালীত সংঘটিত হৈছে ৷

শেহতীয়াকৈ 12খন নতুন দেশত প্ৰথমটো কোভিদ-19 ৰ ঘটনা পোহৰলৈ অহাৰ লগতে 21খন দেশত প্ৰথমটো কোভিদ-19ৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰ্তমান সময়লৈ 122খন দেশত এই ভাইৰাছ সংক্ৰমণ হোৱা নাই ৷ বৰ্তমান সময়লৈকে এই ভাইৰাছ প্ৰতিৰোধী কোনো প্ৰতিষেধক তথা চিকিৎসা প্ৰণালী প্ৰস্তুত হোৱা নাই ৷ যাৰ বাবে বিশ্ব সংস্থায়ে সমগ্ৰ বিশ্বৰে এক উমৈহতীয়া সহযোগিতামূলক ব্যৱস্থাৰে কোভিদ-19 ৰ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাওকঃকৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details