নেশ্যনেল ডেস্ক, 30 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ ফলত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ বাধ্য হৈছে ৷ এই শ্ৰমিকসকলক কৰ্মৰত স্থানতে ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে কি কাৰ্যপন্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত তথ্য় লাভৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সোমবাৰে উচ্চতম ন্য়ায়ালয়ে এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৷
উচ্চতম ন্য়ায়ালয়ে জানিবলৈ দিয়া অনুসৰি, "কৰ'ণা ভাইৰাছতকৈ ডাঙৰ সমস্য়া হিচাপে থিয় দিছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ভয় আৰু শংকা ৷"
যিহেতু চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে সেয়েহে ন্যায়ালয়ে এই ক্ষেত্ৰত কোনো নিৰ্দেশনা অথবা ব্যৱস্থা গ্ৰহণ নকৰে ৷