অসম

assam

By

Published : Apr 7, 2020, 6:56 PM IST

ETV Bharat / bharat

তিহাৰ জেলৰ কয়দী মুক্তি : ৰাজ্য চৰকাৰক সিদ্ধান্ত ল'বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

তিহাৰ জেলৰ পৰা কয়দীক জামিনত মুক্তিৰ দায়িত্ব অৰ্পন ৰাজ্য চৰকাৰক ৷ এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷

তিহাৰ জেলৰ কয়দীৰ জামিনত মুক্তি
ৰাজ্য চৰকাৰক সিদ্ধান্ত ল'বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত তিহাৰ জেলৰ পৰা কম পৰিমাণে কয়দী মুক্তি দিয়া সম্পৰ্কত দাখিল কৰাৰ জনস্বাৰ্থজনিত আবেদনৰ (PIL) বিষয়টো ৰাজ্য চৰকাৰৰ আগত দাঙি ধৰিবলৈ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ. এ. ববডেৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে কয় যে, এই বিষয় সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু কোনটো শ্ৰেণীৰ কয়দীক মুক্তি দিয়া হ'ব সেই সম্পৰ্কত ৰাজ্য চৰকাৰ আৰু উচ্চ পৰ্যায়ৰ সমিতিক দায়িত্ব অৰ্পন কৰা হৈছে ৷

আবেদনকাৰী বিশবেন্দ্ৰ তোমৰে কয় যে, তিহাৰ জেলত 10,000 কয়দীৰ বাবেহে স্থান আছে যদিও বৰ্তমান ইয়াত কাৰাদণ্ড খাটি আছে প্ৰায় 17,000 কয়দীয়ে ৷

কাৰাগাৰত ভিৰ হ্ৰাস কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিয়ে কেৱল 1500 কয়দীকহে মুক্তি প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, কোভিড-19 আতংকৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কাৰাগাৰৰ ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে এই সমিতি গঠন কৰিছিল ৷ সেই অনুসৰি, যিসকল কয়দীয়ে সৰু অপৰাধ সংঘটিত কৰিছিল অথবা 7 বছৰতকৈ অধিক কাৰাদণ্ড খাটিছে সেইসকলে মুক্তি লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details