অসম

assam

ETV Bharat / bharat

ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত কৰ'ণা আৰোগ্য়ৰ সংখ্যা ৬০.৭৭ শতাংশঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় - ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত কৰ'ণা আৰোগ্য়ৰ সংখ্যা ৬০.৭৭ শতাংশ

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত বৰ্তমান পৰ্যন্ত ৬০.৭৭ শতাংশ লোক কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে । লগতে বিগত ২৪ ঘণ্টাত ১৪,৮৫৬ গৰাকী লোক ভাৰতত কৰ'ণা মুক্ত হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

By

Published : Jul 6, 2020, 4:10 PM IST

নিউজ ডেস্ক, ৬ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে সদৰি কৰে যে, দিল্লী, গুজৰাট আৰু উত্তৰপ্ৰদেশ সহিতে ভাৰতৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মহামাৰী COVID-19ত পৰা আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৬০.৭৭ শতাংশ । তাৰোপৰি কৰ'ণা আক্ৰান্ত হৈ বৰ্তমান পৰ্যন্ত মৃত্যু হৈছে ১৯.২৬৮ গৰাকী লোকৰ ।

আনহাতে, বৰ্তমান পৰ্যন্ত ৪,০৯০৮২ গৰাকী ব্যক্তি কৰ'ণা মুক্ত হৈ উঠিছে । তথ্য অনুসৰি, ভাৰতৰ সাতখন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, তেলেংগানা, কৰ্ণাটক, অসমত এদিনত ৭৮ শতাংশৈ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই । লগতে বিগত ২৪ ঘণ্টাত ১৪,৮৫৬ গৰাকী লোক আৰোগ্য হৈ উঠিছে বুলিও সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

উল্লেখ্য যে, ভাৰতত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাষিত অঞ্চলত কৰ'ণা আৰোগ্য হৈ উঠা সংখ্যা হৈছে এনেধৰণৰ - চণ্ডীগড় (৮৫.৮ শতাংশ ) লাডাখ (৮২.২ শতাংশ ) উত্তৰাখণ্ড (৮০.৯ শতাংশ ) চত্তীশগড় (৮০.৬ শতাংশ ) ৰাজস্থান (৮০.১ শতাংশ ) মিজোৰাম (৭৯ শতাংশ )ত্ৰিপুৰা (৭৭.৭ শতাংশ ) মধ্য প্ৰদেশ (৭৬.৯ শতাংশ ) ঝাৰখণ্ড (৭৪.৩ শতাংশ ) বিহাৰ (৭৪.২ শতাংশ ) হাৰিয়ানা (৭৪.১ শতাংশ ) গুজৰাট (৭১.৯ শতাংশ ) পঞ্জাৱ (৭০.৫ শতাংশ ) দিল্লী আৰু কৰ্ণাটক (৭০.২ শতাংশ ) মেঘালয় (৬৯.৪ শতাংশ ) উৰিষ্যা (৬৯.০ শতাংশ ) উত্তৰ প্ৰদেশ (৬৪.৪ শতাংশ ) হিমাচল প্ৰদেশ (৬৭.৩ শতাংশ ) পশ্চিম বংগ (৬৬.৭ শতাংশ ) অসম (৬২ শতাংশ ) আৰু জম্মু-কাশ্মীৰ (৬২.৪ শতাংশ ) ।

ABOUT THE AUTHOR

...view details