অসম

assam

By

Published : Apr 12, 2020, 8:52 AM IST

ETV Bharat / bharat

COVID-19 মহামাৰী : নিজ গৃহত থাকিয়ে বৈশাখী পালন কৰিব শিখসকলে

সমগ্ৰ দেশতে সংহাৰ চলোৱা কোভিড-19 মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শিখসকলে তেওঁলোকৰ বৈশাখী উৎসৱ ঘৰত থাকিয়ে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জম্মু-কাশ্মীৰত থকা শিখসকলে ধৰ্মগুৰু আকাল টখ্টৰ আহ্বান মানি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

নিজ গৃহত থাকিয়ে বৈশাখী পালন কৰিব শিখসকলে
নিজ গৃহত থাকিয়ে বৈশাখী পালন কৰিব শিখসকলে

নিউজ ডেস্ক, 12 এপ্ৰিলঃ জম্মু-কাশ্মীৰত থকা শিখ সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ বৈশাখী উৎসৱ পালনৰ ক্ষেত্ৰত বিশেষ পদক্ষপ গ্ৰহণ কৰিছে ৷ জম্মু-কাশ্মীৰত থকা শিখসকলৰ ধৰ্মগুৰু আকাল টখ্টৰ আহ্বান পালন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিখসকলে ৷

জম্মু-কাশ্মীৰত থকা শিখসকলে এই কথা প্ৰকাশ কৰি কয় যে, অমৃতসৰৰ জাথেদাৰ শ্ৰী আকাল টখ্ট চাহিবে উত্থাপন কৰা আহ্বান পালন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বৈশাখীৰ সময়ত কোনোধৰণৰ জনসমাগমৰ পৰা শিখসকল বিৰত থাকিব আৰু লকডাউনৰ নীতি নিয়ম অনুসৰি, ঘৰত থাকিয়ে বৈশাখীৰ প্ৰাৰ্থনা আগবঢ়াব বুলি জানিবলৈ দিয়ে শিখসকলে ৷

নিজ গৃহত থাকিয়ে বৈশাখী পালন কৰিব শিখসকলে

শিখ ইউনাইটেড ফ্ৰন্ট, শিৰোমনি আকালি দল, শিখ ৱেলফেয়াৰ চছাইটি, সেৱা চছাইটি, শিখক নজোৱান সভা, শিখ ষ্টুডেষ্ট ফেডাৰেশ্বন আৰু অন্যান্য সংগঠনসমূহে জিলা গুৰুদ্বাৰা প্ৰবন্ধক কমিটীৰ সৈতে উমৈহতীয়াভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

অহা সোমবাৰে পালন কৰিবলগীয়া বৈশাখী উৎসৱৰ বাবে 3 এপ্ৰিলত এইদৰে ঘৰত থাকিয়ে ইয়াক পালন কৰাৰ বাবে আহ্বান কৰিছিল আকাল টখ্টে ৷ উল্লেখ্য যে, অসমৰ বিহুৰ সৈতে পঞ্জাৱ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিখসকলে এই বৈশাখী উৎসৱ পালন কৰে ৷

ABOUT THE AUTHOR

...view details