নিউজ ডেস্ক, 16 মাৰ্চঃ বিশ্বব্যাপী কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে সোমবাৰে উচ্চতম ন্যায়ালয়ে দেশজুৰি কাৰাগাৰসমূহক লৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উচ্চতম ন্যায়ালয়ে কাৰাগাৰসমূহত হোৱা ভিৰ আৰু কাৰাবন্দীসকলৰ ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত লয় ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে আৰু এল এন ৰাওৰ বিচাৰপীঠে COVID-19 মহামাৰী নিৰ্মূলৰ হেতু লোৱা সিদ্ধান্তৰ ওপৰত আগন্তুক 20 মাৰ্চৰ সময়সীমা ধৰি নিজা প্ৰতিক্ৰিয়া গ্ৰহণৰ বাবে কাৰাগাৰৰ পৰিচালক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবলৈ প্ৰতিবেদন দাখিলকৰে ৷
আদালতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আগন্তুক 23 মাৰ্চ তাৰিখে আদালতত এই COVID-19 মহামাৰী সন্দৰ্ভত হ’বলগীয়া আলোচনাক লৈ সহায়ৰ বাবে একোজন কৰ্মকৰ্তা নিয়োগ কৰিবলৈ আহ্বান জনায় ৷
ইফালে কিছু কিছু ৰাজ্যত এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও কিছু ৰাজ্যত উচিত উপায় গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ এক পৰ্যবেক্ষণৰ অন্তত উচ্চতম ন্যায়ালয়ে এই কথা সদৰি কৰে ৷