নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : নতুন দিল্লীস্থিত উচ্চায়ুক্তৰ জৰিয়তে পাকিস্তানে ভাৰতৰ বিভিন্ন স্থানত বাহৰ পাতি থকা 41 জন পাকিস্তানী নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতীয় প্ৰশাসনৰ সহায় বিচাৰিছে ৷ আট্টাৰী-ৱাঘা সীমান্তৰে 16 এপ্ৰিলত এই লোকসকলক দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ভাৰতীয় প্ৰশাসনৰ সহায় বিচাৰিছে পাকিস্তানে ৷
ভাৰতীয় উচ্চায়ুক্তই জানিবলৈ দিয়া অনুসৰি, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱত থকা এই পাকিস্তানী নাগৰিকসকলক ভাৰত-পাকিস্তানৰ আট্টাৰী-ৱাঘা সীমান্তৰে বৃহস্পতিবাৰে পুৱা 10 বজাত প্ৰত্যাৱৰ্তন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷
পাকিস্তানী উচ্চায়ুক্তৰ অনুৰোধৰ পাচতে বৈদেশিক মন্ত্ৰণালয়ৰ COVID Emergency Cell ৰ সমন্বয়ক তথা অতিৰিক্ত সচিব দাম্মু ৰবিয়ে এক পত্ৰৰ জৰিয়তে সংশ্লিষ্ট ৰাজ্যকেইখনৰ আৰক্ষী মহানিৰ্দেশক সকলক পাকিস্তানী নাগৰিক কেইজনৰ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় ৷