নিউজ ডেস্ক, 28 মাৰ্চঃকৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ নিৰৱচ্ছিন্ন গতিয়ে বিশ্ব অৰ্থনীতিক প্ৰৱলভাৱে জোকাৰি যায় ৷ বৰ্তমান কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 5,90,000ৰো অধিক হোৱাৰ বিপৰীতে, এই মহামাৰীত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 27,000ৰো অধিকলৈ ৷
শুকুৰবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকান 2.2 ট্ৰিলিয়ন ডলাৰৰ এক অৰ্থনৈতিক উদ্ধাৰ আইনত স্বাক্ষৰ কৰে ৷ ক্ৰেডিট ৰেটিং এজেঞ্চিবোৰে আমেৰিকা তথা বিশ্বৰ অন্য দেশৰ বিত্তীয় স্থিতিৰ ওপৰত মনোনিৱেশ কৰি আছে ৷