অসম

assam

ETV Bharat / bharat

COVID-১৯ : ভাৰতত এদিনতে ২০ হাজাৰতকৈও অধিক নতুনকৈ সংক্ৰমণ

সোমবাৰে পুৱা ৮ বজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ ২০,০২১ গৰাকী লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে ৷ বিগত ২৪ ঘন্টাত ২৭৯ গৰাকী লোকে এই মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ বৰ্তমানলৈকে দেশত মুঠ ১,৪৭,৯০১ গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ।

ভাৰতত এদিনতে ২০ হাজাৰতকৈও অধিক নতুনকৈ সংক্ৰমণ
ভাৰতত এদিনতে ২০ হাজাৰতকৈও অধিক নতুনকৈ সংক্ৰমণ

By

Published : Dec 28, 2020, 7:05 PM IST

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ :ভাৰতত COVID-১৯ ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,০২,০৭,৮৭১ । ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৯৭.৮২ লাখ লোকে ৷ সোমবাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ সোমবাৰে পুৱা ৮ বজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ ২০,০২১ গৰাকী লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে ৷ সমান্তৰালকৈ বিগত ২৪ ঘন্টাত ২৭৯ গৰাকী লোকে এই মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ বৰ্তমানলৈকে দেশত মুঠ ১,৪৭,৯০১ গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে । এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৯৭,৮২,৬৬৯ জনলৈ বৃদ্ধি পাইছে । ইফালে মৃত্যু হোৱা লোকৰ শতাংশ ১.৪৫ হৈছে । ২৭৯ গৰাকী লোকৰ এই মহামাৰীত মৃত্যু হৈছে ।

লক্ষণীয়ভাৱে COVID-১৯ত সক্ৰিয় লোকৰ সংখ্যা সপ্তম দিনাখনলৈকে তিনি লাখৰ ঘৰত আছে । বৰ্তমানলৈ দেশত ২,৭৭,৩০১ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । ফলত সক্ৰিয়ৰ ঘটনা ২.৭২ হৈছে ৷ উল্লেখ্য যে, COVID-১৯ ৰ তালিকাই ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্তেম্বৰত ৪০ লাখ, ১৬ ছেপ্তেম্বৰত ৫০ লাখ, ২৮ ছেপ্তেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ৷ আই চি আম আৰৰ তথ্য অনুসৰি ২৭ ডিচেম্বৰ পৰ্যন্ত ভাৰতত মুঠ ১৬,৮৮,১৮,০৫৪ টা নমুনা পৰীক্ষা কৰা হৈছে ৷

ভাৰতত এতিয়ালৈ ১,৪৭,৯০১ জন নিহত হোৱাসকলৰ ভিতৰত ৪৯,২৫৫ তামিলনাডুৰ ১২,০৬৯ কৰ্ণাটকৰ ১২,০৬২ দিল্লীৰ ১০,৪৫৩ পশ্চিমবংগৰ ৯,৫৯৮ উত্তৰ প্ৰদেশৰ ৮,৩০৬ অন্ধ্ৰপ্ৰদেশৰ ৭,০৯৪ আৰু পঞ্জাৱৰ ৫,২৯৯ জন লোক আছে ।

লগতে পঢ়ক: আন সকলো সমস্যাতকৈ ঘাতক পানী প্ৰদূষণ

ABOUT THE AUTHOR

...view details