অসম

assam

ETV Bharat / bharat

কোভিড-19 : এপ্ৰিলৰ 30লৈ লকডাউন বৃদ্ধি উৰিষ্যাত - কোভিড-19

সমগ্ৰ দেশত জাৰী কৰা লকডাউনৰ সময়সীমা 30 এপ্ৰিললৈ বৃদ্ধি কৰে উৰিষ্যা চৰকাৰে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে জানিবলৈ দিয়ে এই কথা ৷

এপ্ৰিলৰ 30লৈ লকডাউন বৃদ্ধি উৰিষ্যাত
এপ্ৰিলৰ 30লৈ লকডাউন বৃদ্ধি উৰিষ্যাত

By

Published : Apr 9, 2020, 3:06 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃসমগ্ৰ দেশতে কৰ’ণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে উৰিষ্যাত বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা ৷ উৰিষ্যাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে সংবাদমেলযোগে ৰাজ্যখনত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰে ৷

বিজু জনতা দল নেতৃত্বাধীন উৰিষ্যা চৰকাৰে এপ্ৰিল 30 লৈ ৰাজ্যখনত লকডাউন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে ৷ বৃহস্পতিবাৰে এই ঘোষণাৰ পিচতেই এইদৰে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা উৰিষ্যাই ভাৰতৰ একমাত্ৰ ৰাজ্য হৈ পৰে ৷ তথ্য অনুসৰি, কেবিনেটৰ সৈতে হোৱা আলোচনাৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পাটনায়কে এপ্ৰিলৰ 30 তাৰিখলৈ ৰেল নাইবা বায়ুসেৱা আৰম্ভ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ৷ আনহাতে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ অহা জুন 17লৈ বন্ধ থাকিব বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details