নিউজ ডেস্ক, ২ এপ্ৰিলঃ দেশজুৰি দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ মাজতেই বুধবাৰে তবলিগী জামাত মণ্ডলীৰ কাৰ্যই কৰ'ণা ভাইৰাছ প্ৰতিৰোধ অভিযানত মুখ্যম আঘাত হানিচে বুলি উল্লেখ কৰে সংখ্যালঘু আয়োগে ।
ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশ সমূহলৈ ৰাষ্ট্ৰীয় সংখ্যলঘু আয়োগৰ প্ৰমুখ্য ছৈয়দ ঘয়োৰুল হছন ৰিজৱীয়ে দিয়া পত্ৰত উল্লেখ কৰা হৈছে যে, নিজামুদ্দিনৰ ঘটনাটো লক্ ডাউন উলংঘনৰ এক গম্ভীৰ অপৰাধ । এই অপৰাধত জড়িত থকা সকলোৰে ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায় ।
ইয়াৰ লগতে সকলো ধৰ্মীয় অনুষ্ঠান, মাদ্ৰাচা শিক্ষা অনুষ্ঠান ইত্যাদি লক্ ডাউনৰো নিৰ্দেশ দিয়ে । যাতে কোনো লোক একে লগে সমবেত নহয় ।