নিউজ ডেস্ক, 6 জুলাই : ভাৰতত নতুনকৈ কোভিড-19 আক্ৰান্তৰ সংখ্যা অভিলেখ সংখ্যক হাৰত বৃদ্ধি পাইছে ৷ ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ দিনটোত 24,850 গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 ৷ দেওবাৰে নিশা 8 বজাত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ভাৰতত মুঠ কোভিড-19 আক্ৰান্তৰ সংখ্যা 6,73,165 গৰাকী ৷
বৰ্তমানলৈকে সমগ্ৰ বিশ্বৰ ভিতৰত কোডিড-19 আক্ৰান্তৰ তালিকাত তৃতীয় স্থানত থকা ৰাছিয়াতকৈ মাত্ৰ অলপ হে কম ভাৰতত আক্ৰান্তৰ সংখ্যা ৷ ভাৰতত দেওবাৰৰ দিনটোত 613 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে কোভিড-19ত, এই পৰ্যন্তু কোভিড-19ত মৃতকৰ সংখ্যা 19,268 গৰাকী৷
আনহাতে, বৰ্তমানলৈকে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে 4,09,082 গৰাকী ৷ তথ্য অনুসৰি মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, দিল্লী, তেলেংগানা, অসম, বিহাৰ এই সাত খন ৰাজ্যত এদিনত প্ৰায় 78 শতাংশ আক্ৰান্ত চিনাক্ত হৈছে ৷
দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে দিল্লীৰ চৰ্দাৰ বল্লভ ভাই পেটেল কোভিড হাস্পতাল পৰিদৰ্শন কৰে ৷ এই হাস্পতালখনত 250 খন আই চিউ যুক্ত বিচনাসহ মুঠ 1000 খন বিচনা আছে ৷ দেওবাৰৰ পৰা ইয়াত চিকিৎসা সেৱা আৰম্ভ হৈছে ৷
ব্যাপক হাৰত ভাৰতত বাঢ়িছে কোভিড-19 আক্ৰান্তৰ সংখ্যা কৰ্ণাটকত পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বি জনাৰ্দন পূজাৰীৰ দেহত ধৰা পৰিছে কোভিড-19 ৷ তেওঁক বৰ্তমান বাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ 83 বৰ্ষীয় নেতাগৰাকীৰ দেহত দেখা নগৈছিল কোনো কোভিড-19 ৰ কোনো লক্ষণ ৷ সজাগতাৰ বা7বে স্বাৱ পৰীক্ষা কৰাতহে ধৰা পৰে কোভিড-19 ৷
অসমত দেওবাৰৰ দিনটোত মুঠ 735 গৰাকী কোভিড-19 আক্ৰান্ত ধৰা পৰে৷ ইয়াৰ ভিতৰত 552 গৰাকীয়েই গুৱাহাটীৰ ৷ বৰ্তমানলৈকে ৰাজ্যখনত আক্ৰান্ত হৈছে মুঠ 11,736 গৰাকী আৰু মৃত্যু হৈছে 14 গৰাকীৰ ৷ আনহাতে এই পৰ্যন্ত অসমত আৰোগ্য লাভ কৰিছে 7,433 গৰাকীয়ে ৷
সগতে পঢ়ক :বৃহৎ সাফল্যৰ দিশে ডিব্ৰুগড় স্থিত ICMR