নিউজ ডেস্ক,৩ জুলাইঃ ইণ্ডিয়ান কাউঞ্চিল অফ মেডিকেল ৰিচাৰ্জ (Indian Council of Medical Research)ৰ তথ্য অনুসৰি ভাৰতত ১ জুলাই পৰ্যন্ত মুঠ ৯০,৫৬,১৭৩ গৰাকী ব্যক্তিৰ মহামাৰী COVID-19 ৰ পৰীক্ষা কৰা হৈছে । আনহাতে, সমগ্ৰ দেশতে ৬,০৪,৬৪১ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী COVID-19 ত । ইয়াৰ ভিতৰত ৩,৫৯,৮৫৯ গৰাকী লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ১৭,৮৩৪ গৰাকী লোকৰ ।
দিল্লী
দিল্লীস্থিত এটি প্লাজমা বেংকে মহামাৰী COVID-19 ৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে । এই প্লাজমা বেংটোৰ জৰিয়তে কৰ'ণা আক্ৰান্ত ব্যক্তি আৰোগ্য হৈ উঠাৰ ১৪ দিন পাচত প্লাজমা দান কৰিব পাৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে ।
অনলাইনযোগে মিডিয়াক সম্বোধন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, "প্লাজমা দান কৰিবলৈ পোৱা সুযোগ অত্যন্ত কঠোৰ তথা আশাবাদী । আমি আশাবাদী যে এই প্লাজমা বেংকৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাব । আনহাতে, দিল্লী চৰকাৰে Institute of Liver and Biliary Sciences ত প্লাজমা বেংকৰ স্থাপন কৰে বুলি জানিবলৈ দিয়ে ।
প্লাজমা দান সন্দৰ্ভত কেজৰিৱালে কয় যে, ১৮ ৰ পৰা ৬০ বছৰীয়া লোক তথা ৫০ কিলোগ্ৰামৰ কম ওজন থকা লোকে প্লাজমা দান কৰিব নোৱাৰে বুলি সদৰি কৰে। লগতে গৰ্ভৱতী মহিলা, ইনছুলিন লোৱা ব্যক্তিয়ে প্লাজমা দান কৰিব নোৱাৰিব বুলিও সদৰি কৰে ।
হৰিয়ানা
ৰাজ্যখনৰ Post-Graduate Institute of Medical Sciences নামৰ প্ৰতিষ্ঠানটোত মহামাৰী COVID-19 ভেকচিনৰ যোগ্যতা তথা মূল্যায়ণ কৰিবলৈ দৈনন্দিনভাৱে মানব দেহত পৰীক্ষা চলাবলৈ সাজু বুলি উল্লেখ কৰে । এই পৰীক্ষাৰ বাবে প্ৰথমে ৩৭৫ গৰাকীৰ দেহত এই ভেকচিন প্ৰদান কৰাৰ লগতে দ্বিতীয় পৰীক্ষাত ৭৫০ গৰাকীৰ দেহত এই ভেকচিন দিয়া হ'ব বুলি সদৰি কৰে ।
গুজৰাট
গুজৰাটত বিগত ২ দিনৰ ভিতৰত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণৰ ঘটনা । ৰাজ্যখনত বৰ্তমান পৰ্যন্ত ৫০০০ ৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । আহমেদাৱাদৰ পাচতে গুজৰাট কৰ'ণাৰ হটস্পট ঠাই হিচাপে চিহ্নিত হোৱাৰ আশংকা কৰা হৈছে । আনহাতে, গুজৰাটৰ স্বাস্থ্য় বিভাগৰ প্ৰধান সচিব জয়ন্তী বৰিয়ে বিগত দুদিন ধৰি সুৰত থাকি মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে উপায় তথা চিন্তা চৰ্চা চলাই থকা বুলিও সদৰি কৰে ।