নিউজ ডেস্ক, 10 জানুৱাৰী : ক’ৰণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা কিছু শিথিল কৰিছে প্ৰশাসনে ৷ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীসকলে ২১ জানুৱাৰীৰ পৰা ক’ভিড 19ৰ প্ৰমাণ পত্ৰৰ অবিহনে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব ৷ দেওবাৰে অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকৰ পাছত জগন্নাথ মন্দিৰৰ মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰে এই কথা জানিবলৈ দিয়ে ৷
জগন্নাথ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষণ - ক’ৰণা মহামাৰী
কৰ’ণা মহামাৰীৰ বাবে সুদীৰ্ঘ 9 মাহ বিৰতিৰ পাছত 3 জানুৱাৰীৰ পৰা ভক্তৰ বাবে মুকলি কৰা হৈছিল ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰৰ দ্বাৰ ৷ মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তসকলে ক'ভিড পৰীক্ষা কৰাটো অনিবাৰ্য আছিল । তদুপৰি প্ৰতিদিনে প্ৰায় ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ দৰ্শনাৰ্থীয়ে মন্দিৰ দৰ্শনৰ অনুমতি লাভ কৰিছিল ৷
মন্দিৰৰ মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰে লগতে কয় যে জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে অধিক সংখ্যক ভক্তৰ আগমণ আৰু ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অৱশ্যে বয়োজ্যেষ্ঠ ব্যক্তিৰ প্ৰৱেশৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা মন্দিৰ প্ৰশাসনে উঠাই লৈছে যদিও তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তদুপৰি মন্দিৰৰ পৰিস্কাৰ পৰিচ্ছন্নতা অব্যাহত ৰখাৰ বাবে দেওবাৰৰ দিনটোত মন্দিৰ বন্ধ ৰখা হ’ব ৷ ইয়াৰ উপৰি প্ৰতিদিনে ক’ভিড প্ৰ’টকলৰ মাজেৰে প্ৰায় 30 হাজাৰ ভক্তই মন্দিৰ দৰ্শন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।
লগতে পঢ়ক : দিল্লীত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰণাৰ টীকাকৰণ