নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দেশৰ বহুকেইজন জ্যেষ্ঠ নেতাৰে কৰ'ণা ভাইৰাছ সম্পৰ্কত মত বিনিময় কৰে ৷ এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে মনমোহন সিং, কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷
সূত্ৰৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, মোডীয়ে আৰু বহুকেইজন ৰাজনৈতিক দলৰ নেতাৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ৷ এইসলকৰ ভিতৰত আছিল সমাজবাদী পাৰ্টীৰ মুলায়েম সিং যাদৱ আৰু অখিলেশ যাদৱ, উড়িশাৰ প্ৰধানমন্ত্ৰী নবীন পাটনায়ক, ডিএমকেৰ এম. কে. ষ্টেলিন আৰু শিৰোমণি আকালী দলৰ নেতা প্ৰকাশ সিং বাদল ৷