নেশ্যনেল ডেস্ক, 25 মাৰ্চ : ব্যক্তিগত খণ্ডৰ সুৰক্ষা এজেন্সীসমূহলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে এক পৰামৰ্শ ৷ ইয়াৰ জৰিয়তে বৰ্তমানৰ লকডাউনৰ পৰিস্থিতিত কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰিব : ব্যক্তিগত সুৰক্ষা এজেন্সীলৈ পৰামৰ্শ গৃহ মন্ত্ৰণালয়ৰ - MHA asks private security agencies to protect employees from layoff, pay cuts
যিহেতু শ্বপিং মল, দোকান-পোহাৰ আদিকে ধৰি অন্যান্য প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰিছে সেইবাবে ব্যক্তিগত খণ্ডৰ সুৰক্ষা এজেন্সী সমূহ প্ৰভাৱিত হোৱাটো স্বাভাৱিক ৷
পৰামৰ্শ অনুসৰি, গৃহ মন্ত্ৰণালয়ে সকলো এজেন্সীক 'মানৱীয়' দৃষ্টিকোণৰ পৰা সকলোকে কৰ্তব্যৰ বিপৰীতে দৰমহা প্ৰদানৰ দৰেই এই সময়ছোৱাত গ্ৰাহ্য কৰিবলৈ কোৱা হৈছে ৷ ভাৰতে কৰ'ণা ভাইৰাছৰ বিশ্বজোৰা সংক্ৰমণৰ বিৰুদ্ধে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ সাম্প্ৰতিক পৰিস্থিতিত দেশখন অৰ্থনৈতিক দিশত ব্যাপকভাৱে প্ৰভাৱিত হৈছে ৷ এনে পৰিস্থিতিত যিহেতু শ্বপিং মল, দোকান-পোহাৰ আদিকে ধৰি অন্যান্য প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰিছে সেইবাবে ব্যক্তিগত খণ্ডৰ সুৰক্ষা এজেন্সী সমূহ প্ৰভাৱিত হোৱাটো স্বাভাৱিক ৷ সেয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিষয়টো মানৱীয় দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷
আৰু পঢ়ক : ৰাজস্থানত নতুনকৈ চাৰিজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ