অসম

assam

ETV Bharat / bharat

মেলেৰিয়াৰ ঔষধেৰে ক'ভিড-19ৰ চিকিৎসা বিপদজ্জনক হ'ব পাৰে !

মেলেৰিয়া প্ৰতিৰোধৰ ঔষধ হাইড্ৰ'ক্সিক্ল'ৰ'কুইন আৰু এন্টিবায়'টিক এজিথ্ৰ'মিচিন প্ৰথমাৱস্থাত একাংশই ক'ভিড-19 ৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা বুলি প্ৰকাশ পাইছিল ৷ কিন্তু আমেৰিকাৰ হৃদৰোগ বিশেষজ্ঞ সকলৰ মতে এই ঔষধে হৃদক্ৰিয়াৰ প্ৰতি ভয়ানক ধৰণে বিপদ বঢ়াব পাৰে ৷

COVID-19: Malaria drug may aggravate heart problem, say scientists
COVID-19: Malaria drug may aggravate heart problem, say scientists

By

Published : Apr 3, 2020, 5:33 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল : অৰ্গেন হেল্থ চায়েঞ্চ বিশ্ববিদ্যালয়ৰ গৱেষক আৰু ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ কৰা অনুসৰি চিকিৎসকে ক'ভিড-19-ৰ প্ৰতিষেধক হিচাপে যি সকল ৰোগীক মেলেৰিয়া-এন্টিবায়'টিক ঔষধ ব্যৱহাৰ কৰিছে, তেওঁলোকক ভেন্টিকুলাৰ আৰ্থেমিয়াৰ বাবে নিৰীক্ষণ চলোৱা উচিত ৷

এই ঔষধৰ ব্যৱহাৰৰ ফলত হৃদস্পন্দন ঘন আৰু অনিয়মীয়া হয় আৰু হৃদক্ৰিয়া বন্ধ হোৱাৰ সম্ভাৱনা প্ৰৱল কৰি তোলে বুলি তেওঁলোকে কয় ৷

আমেৰিকান কলেজ অৱ কাৰ্ডিঅ'ল'জীৰ পৰা প্ৰকাশিত পত্ৰিকা ' কাৰ্ডিঅ'ল'জী মেগাজিন'ত প্ৰাকশ পোৱা অনুসৰি হৃদক্ৰিয়া বন্ধ কৰিব পৰা এনেকুৱা প্ৰায় এশবিধ ঔষধ আছে ৷

ক'ভিড-19ৰ প্ৰতিষেধক হিচাপে হাইড্ৰ'ক্সিক্ল'ৰ'কুইন আৰু এজিথ্ৰ'মিচিনৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমানেও কিছু তথ্যহে পোৱা গৈছে ৷ কিছু সংখ্যক চিকিৎসকে এই আতংকৰ সময়ত ইয়াক একেলগ কৰি পেলাইছে বুলি মত প্ৰকাশ কৰে পত্ৰিকাখনৰ মুখ্য লেখক ইৰিক ষ্টেকাৰে ৷

যদি চিকিৎসকে তেওঁলোকৰ শ্ৰেষ্ঠতম বিবেচনাৰে এই ঔষধৰ সংমিশ্ৰণক ক'ভিড-19 ৰ প্ৰতিষেধক হিচাপে ৰোগীৰ বাবে ব্যৱহাৰ কৰিছে তেন্তে আমি তেওঁলোকক সাম্ভাব্য পাৰ্শ্বক্ৰিয়াৰ প্ৰতি সাৱধান কৰি দিব খুজিছোঁ ৷ এই দৰে মত আগবঢ়াইছে অৰ্গেন হেল্থ চায়েঞ্চ বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টেকাৰে ৷

এই প্ৰতিষেধকেৰে ক'ভিড-19ৰ ৰোগীক চিকিৎসা কৰা চিকিৎসক সকলক ৰোগীৰ বিপদজ্জনক আৰ্থিমাচ সন্দৰ্ভত নজৰ দিবলৈও পৰামৰ্শ আগবঢ়াইছে গৱেষক সকলে ৷ যদিও সীমিত পৰিমাণৰ সম্পদেৰে এনে নিৰীক্ষণ এক প্ৰকাৰ প্ৰত্যাহ্বান বুলি জনাইছে তেওঁলোকে ৷

আমি এই চিকিৎসাৰ কোনো লাভালাভ অথবা ক্ষতিৰ তথ্য লাভ নকৰা পৰ্যন্ত এই হাইড্ৰ'ক্সিক্ল'ৰ'কুইন আৰু এজিথ্ৰ'মিচিনৰ মিশ্ৰণ সাৱধানে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব বিচাৰো ৷" এই মন্তব্য ষ্টেকাৰৰ ৷

যিকোনো চিকিৎসা, যি হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে, তাৰ লাভালাভ আৰু সমস্যাদুয়োটাই পৰ্যবেক্ষণ কৰা উচিত ৷ এই মূহুৰ্তত আমাৰ লগত হাইড্ৰ'ক্সিক্ল'ৰ'কুইন আৰু এজিথ্ৰ'মিচিনৰ ব্যৱহাৰৰ পৰা হ'ব পৰা সমস্যাই লাভান্বিত কৰাৰ কোনো তথ্য নাই বুলিও মত প্ৰকাশ কৰে অধ্যাপক ইৰিক ষ্টেকাৰে ৷

লগতে পঢ়ক : কৰ'ণা আৰু কভিড নামেৰে নামাকৰণ দুটি যমজ নৱজাতকৰ

ABOUT THE AUTHOR

...view details