নিউজ ডেস্ক, 30 ডিচেম্বৰ :আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ভৱ হোৱা ক'ভিড-19 ৰ নতুন সংস্কৰণৰ বাবে মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ মহাৰাষ্ট্ৰ চৰকাৰে 31 জানুৱাৰীলৈ বৃদ্ধি কৰিছে লক ডাউন ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে 27 নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশনা অনুসৰি 31 ডিচেম্বৰলৈ বলবৎ আছিল লক ডাউন ৷
নিৰ্দেশনা অনুসৰি, 'Mission Begin Again' কাৰ্যকৰী কৰিবলৈ মহামাৰী ৰোগ অধিনিয়ম আইন (1897) ৰ ধাৰা 2 ৰ অধীনত লক ডাউন বলবৎ কৰা হৈছে ৷ কেইবা মাহৰ পৰা বলবৎ হৈ থকা লক ডাউনৰ অন্তত চৰকাৰে লক ডাউন উঠাই লোৱাৰ সিদ্ধান্ত কৰা হৈছিল যদিও শেহতীয়াকৈ ক'ভিড-19 ৰ নতুন সংস্কৰণৰ বাবে পুনৰ লক ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ ইতিমধ্যে, ৰাজ্য চৰকাৰে সকলো জিলা উপায়ুক্তৰ জৰিয়তে সান্ধ আইন জাৰি কৰাৰ বাবে আদেশ দিয়া হৈছে ৷