অসম

assam

ETV Bharat / bharat

মোবাইল এপেৰে সংসদত উপস্থিতি প্ৰদান কৰিব লোকসভাৰ সাংসদে

কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ বাবে প্ৰথমবাৰলৈ লোকসভাৰ সাংসদসকলে নিজৰ উপস্থিতি প্ৰমাণিত কৰিব মোবাইল এপৰ জৰিয়তে ৷ Attendance Register App ৰ জৰিয়তে তেওঁলোকে নিজৰ উপস্থিতি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

By

Published : Sep 11, 2020, 4:29 AM IST

Lok Sabha MPs to mark attendance through mobile app
মোবাইল এপেৰে সংসদত উপস্থিতি প্ৰদান কৰিব লোকসভাৰ সাংসদে

নেশ্য়নেল ডেস্ক, 11 ছেপ্তেম্বৰ :কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ বাবে প্ৰথমবাৰলৈ লোকসভাৰ সাংসদসকলে নিজৰ উপস্থিতি প্ৰমাণিত কৰিব মোবাইল এপৰ জৰিয়তে ৷ Attendance Register App ৰ জৰিয়তে তেওঁলোকে নিজৰ উপস্থিতি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

সূত্ৰৰ মতে, তীব্ৰভাৱে দেশত কভিড-19 ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে National Informatics Centre (NIC) য়ে সাজি উলিয়াইছে এই এপ ৷ সাংসদসকলে সংসদত উপস্থিত হৈয়ে এপটোৰ জৰিয়তে নিজৰ উপস্থিতি প্ৰদান কৰিব পাৰিব ৷

এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, এই এপটো সংসদ প্ৰাংগনতহে কাম কৰিব ৷ মহামাৰীৰ সময়ছোৱাত তেওঁলোকে অতি সুৰক্ষিতভাৱে নিজৰ উপস্থিতি প্ৰদান কৰিব পাৰিব ৷

এই এপটো সংসদৰ অন্যান্য কৰ্মচাৰীয়েও ব্যৱহাৰ কৰিব পাৰিব বুলি সূত্ৰই প্ৰকাশ কৰে ৷ উল্লেখ্য যে, কোনো বন্ধ নথকাকৈ 14 ছেপ্তেম্বৰৰ পৰা 1 অক্টোবৰলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰা হ'ব ৷

কৰ'ণা ভাইৰাছৰ সকলো নীতি-নিয়ম অনুসৰণ কৰি সংসদৰ দুয়োটা সদনে প্ৰতিদিনে চাৰি ঘন্টাকৈ অধিৱেশন অনুষ্ঠিত কৰিব ৷

অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ সংসদৰ নিম্ন সদনে পুৱা 9 বজাৰ পৰা বিয়লি 1 বজালৈ আৰু উচ্চ সদনে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details