অসম

assam

ETV Bharat / bharat

লক ডাউনঃ আশ্ৰয়হীন জন্তুক খাদ্য দিয়াৰ আহ্বান শ্বাহৰুখ খানৰ - কৰ'ণা ভাইৰাছ

পদপথত থকা গৰাকী বিহীন জন্তুক খাদ্য যোগান ধৰিবলৈ আহ্বান বলিউড কিং খান শ্বাহৰুখৰ । শুকুৰবাৰে টুইটাৰযোগে অনুৰাগী তথা দেশৰ জনসাধৰণক এই আহ্বান জনালে জনপ্ৰিয় অভিনেতা গৰাকীয়ে ।

শ্বাহৰুখ খান
লক ডাউনঃ আশ্ৰয়হীন জন্তুক খাদ্য দিবলৈ আহ্বান বলিউজ কিং খান শ্বাহৰুখৰ

By

Published : Apr 17, 2020, 8:24 PM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ বলিউড কিং শ্বাহৰুখ খানৰ অনুৰাগী তথা জনতালৈ বিশেষ আহ্বান। পদপথত থকা গৰাকী বিহীন জন্তুক খাদ্য যোগান ধৰিবলৈ আহ্বান জনাই ছুপাৰষ্টাৰ গৰাকীয়ে । শুকুৰবাৰে ছুপাৰষ্টাৰ টুইটাৰযোগে কয় যে,সমগ্ৰ বিশ্বই মহামাৰী COVID-19 ৰ বিৰুদ্ধে যুঁজি আছে। কিন্তু সংকটৰ সমছোৱাত আমি সেইসকলৰ কথাও মনত ৰখা উচিত যিয়ে মুখেৰে একো কব নোৱাৰে । সেয়হে আমি সকলোৱে আশ্ৰয়হীন জন্তুবোৰক খাদ্য যোগান ধৰাৰ লগতে চোৱা চিতা কৰাতো অত্যন্ত প্ৰয়োজন ।

উল্লেখ্য যে, বলিউডৰ বাদশ্বাহৰূপে পৰিচিত শ্বাহৰুখ খানে মহাৰাষ্ট্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীলৈ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগক ২৫,০০০ টা PPE কীট যোগান ধৰি কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াই ।

লক ডাউনঃ আশ্ৰয়হীন জন্তুক খাদ্য দিবলৈ আহ্বান বলিউজ কিং খান শ্বাহৰুখৰ

ইয়াৰ উপৰিও শ্বাহৰুখ খানে কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফেয়ৰ ফাণ্ড আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ জৰিয়তে সাহাৰ্য আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details