অসম

assam

ETV Bharat / bharat

লকডাউন : আত্মহত্যাৰ পথ বাছি ল'লে উত্তৰ প্ৰদেশৰ কৃষকে - উত্তৰ প্ৰদেশৰ বান্দা জিলা

উত্তৰ প্ৰদেশত কৃষকৰ আত্মহত্যা ৷ কৃষিকৰ্মৰ বাবে শ্ৰমিক বিচাৰি নাপাই আত্মহত্যা ৷

লকডাউন
আত্মহত্যাৰ পথ বাছি ল'লে উত্তৰ প্ৰদেশৰ কৃষকে

By

Published : Apr 12, 2020, 5:11 PM IST

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : উত্তৰ প্ৰদেশৰ বান্দা জিলাত কৃষিকৰ্মৰ বাবে শ্ৰমিক বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি ল'লে এজন কৃষকে ৷ ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত ঘেঁহু শস্য চপাবৰ বাবে শ্ৰমিক বিচাৰি নোপোৱাৰ বাবে কৃষকজনে আত্মহত্যা কৰে বুলি দেওবাৰে প্ৰকাশ কৰে আৰক্ষীয়ে ৷

ৰামভৱন শুক্লা নামৰ কৃষকজনে জাৰি গাঁৱৰ এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰে ৷

মৃত লোকজনৰ পৰিয়ালৰ মতে, শুক্লাই যোৱা কিছুদিন ধৰি শ্ৰমিক বিচাৰি আছিল যদিও লকডাউনৰ বাবে কোনো লোকক বিচাৰি পোৱা নাছিল ৷

তেওঁলোকে কয় যে, শনিবাৰৰ দিনা শ্ৰমিক বিচাৰি যাওঁ বুলি ঘৰত কৈ আত্মহত্য়া কৰে কৃষকজনে ৷

আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়ে যে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত পৰিয়ালৰ হাতত চমজাই দিয়া হৈছে ৷ এই সম্পৰ্কত তদন্ত কৰিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details