অসম

assam

ETV Bharat / bharat

কৰ’ণা ভাইৰাছৰ ফলত আৰোপ কৰা লকডাউনে শিক্ষাৰ্থীৰ মাজত বৃদ্ধি কৰিছে মানসিক চাপ - লকডাউনে শিক্ষাৰ্থীৰ মাজত বৃদ্ধি কৰিছে মানসিক চাপ

বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক মানসিক স্বাস্থ্য হেল্পলাইনৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

শিক্ষাৰ্থীৰ মাজত বৃদ্ধি কৰিছে মানসিক চাপ
শিক্ষাৰ্থীৰ মাজত বৃদ্ধি কৰিছে মানসিক চাপ

By

Published : Apr 9, 2020, 2:50 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃভাৰতত কৰ’ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিচতে দেশৰ বিভিন্ন প্ৰতিযোগিতামুলক পৰীক্ষাসমূহ স্থগিত কৰি ৰাখিবলগীয়া হৈছে ৷ যাৰ ফলত শিক্ষাৰ্থীসকলৰ মনত মানসিক অশান্তি আৰু অস্থিৰতা বৃদ্ধি পোৱা দেখা গৈছে ৷ যদিও বিশ্ববিদ্য়ালয় অনুদান আয়োগে এই বিষয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক মানসিক স্বাস্থ্য হেল্পলাইনৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ কিন্তু এই নীতি কাৰ্যকৰী নোহোৱাহে পৰিলক্ষিত হৈছে ৷

লকডাউনৰ মাজতে ইটিভি ভাৰতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷

সুভ্যা কাপুৰ, দ্বাদশ মান শ্ৰেণীৰ শিক্ষাৰ্থী আৰু NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, কয় যে, মই বিগত দুবছৰ ধৰি এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছো আৰু হঠাতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে পৰৱৰ্তী নিৰ্দেশনা জাৰী নকৰালৈকে পৰীক্ষা স্থগিত ৰখাৰ মেছেজ প্ৰেৰণ কৰে ৷ 20 বছৰীয়া শিক্ষাৰ্থীগৰাকীয়ে ব্যক্তিগত শিক্ষণ ব্যৱস্থা্ৰ সহায় লৈ আছে যদিও লকডাউনৰ বাবে এতিয়া নিজৰ ওপৰতে সন্দেহ হোৱা বুলি কয় কাপুৰে ৷

মন কৰিবলগীয়া যে, NEET পৰীক্ষাৰ নম্বৰসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী মেডিকেল কলেজত নামভৰ্তিৰ সময়ত পৰীক্ষা কৰা হয় ৷ সাধাৰণতে মেডিকল কলেজৰ শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ আগতে জুন মাহত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ কিন্তু সমগ্ৰ দেশব্যাপী জাৰী কৰা লকডাউনৰ মাজতে ইয়াক লৈ চৰম অনিশ্চয়তাত ভূগিছে শিক্ষাৰ্থীসকল ৷

ABOUT THE AUTHOR

...view details