নিউজ ডেস্ক,2 এপ্ৰিলঃমানৱ সংসাধন বিকাশ মন্ত্ৰালয়ে দেশত কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডক ( CBSE ) বিশেষ নিৰ্দেশনা জাৰি কৰে ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীক পদোন্নতি কৰাৰ নিৰ্দশনা দিয়ে মানৱ সংসাধন বিকাশ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়ালে ৷
কভিড-19 সন্ত্ৰাসঃ কেন্দ্ৰৰ পৰা CBSEলৈ বিশেষ নিৰ্দেশনা জাৰি - মানৱ সংসাধন বিকাশ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়াল
বুধবাৰে CBSEৰ প্ৰথমৰ পৰা অষ্টমশ্ৰেণীলৈকে প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক পদোন্নতি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে মানৱ সংশাধন বিকাশ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়ালে ৷
কেন্দ্ৰৰ পৰা CBSEলৈ বিশেষ নিৰ্দেশনা জাৰি
নৱমৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পূৰ্বতে বিদ্যালয়ত আয়োজিত পৰীক্ষা, প্ৰকল্প সমূহৰ মূল্যাংকনৰ আধাৰত পদোন্নতি কৰা হ'ব ৷ লগতে পদোন্নতি নোহোৱা শিক্ষাৰ্থীসকলে পৰৱৰ্তী সময়ত অনলাইন অথবা অফলাইন যোগে বিদ্যালয় ভিত্তিক পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব ৷ এই সকলোখিনি কথাই জনাই ইতিমধ্য টুইট কৰিছে মানৱ সংসাধন বিকাশ মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃসুৰক্ষাকৰ্মীৰ সৈতে কাজিয়াত লিপ্ত জেএনইউৰ শিক্ষাৰ্থী