অসম

assam

বিগত 24 ঘন্টাত দেশত 50,356 গৰাকী লোক ক'ৰণাত আক্ৰান্ত

By

Published : Nov 7, 2020, 2:03 PM IST

দেশত বৰ্তমান সময়লৈকে 84,62,080, লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ ৷ ইয়াৰ পিচতে আছে অন্ধপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লী ৷

covid-19-live-with-over-50000-new-cases-indias-tally-over-84-dot-62-lakh
বিগত 24 ঘন্টাত দেশত 50,356 গৰাকী লোক ক'ৰণাত আক্ৰান্ত

নিউজ ডেস্ক, 7 নৱেম্বৰঃ দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘন্টাত দেশত ক'ৰণাত 50,356 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 577 জন লোকৰ ৷

দেশৰ স্বাস্থ্য বিভাগে জনোৱা মতে দেশত বৰ্তমান সময়লৈকে 84,62,080, লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ ইয়াৰে 5,16,632 জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 78,19,886 জন লোক বৰ্তমান সুস্থ হৈ উঠিছে ৷

Indian Council of Medical Research (ICMR) তথ্য অনুসৰি যোৱা 24 ঘন্টাত ক'ৰণাৰ 11,13,209 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ দেশৰ ক'ৰণাৰ নমুনা পৰীক্ষণৰ সৰ্বমুঠ সংখ্যা হৈছে 11,65,42,304 টা ৷

দেশৰ ভিতৰত বেছিকৈ ক'ৰণাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰৰ ক'ৰণাত আক্ৰান্তৰ সংখ্যা হৈছে 17,10,314 জন ৷ ৰাজ্যখনৰ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 44,965 জন ৷ ইয়াৰ পিচতে আছে অন্ধপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লী ৷

আনহাতে বিশ্বৰ ভিতৰত ক'ৰণাত আক্ৰান্তৰ প্ৰথম স্থানত আছে আমেৰিকা ৷ এতিয়ালৈকে আমেৰিকাত 97,27,345 জন লোক কৰ'ণাত মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে 2,36,025 জন লোক ৷

উল্লেখ্য যে, Johns Hopkins University ৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত এতিয়ালৈকে 49 মিলিয়ন ক'ৰণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে ক'ৰণাত মৃত্যু হৈছে 12,41,360, গৰাকীৰ ৷

ইয়াৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়ৰ Center for Systems Science and Engineering (CSSE) বিভাগৰ তথ্য অনুসৰি বিশ্বত ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 4,92,28,536 জনৰ বিপৰীতে 12,41,366 জন লোক সুস্থ হৈ উঠিছে ৷

লগতে পঢ়কঃ আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

ABOUT THE AUTHOR

...view details