অসম

assam

ভাৰতত 51 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

By

Published : Sep 17, 2020, 11:31 AM IST

17 ছেপ্তেম্বৰৰ পুৱা 8 বজালৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 51 লাখৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

কৰ'ণা আক্ৰান্তৰ সংখ্যা
কৰ'ণা আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ: বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে 97,894 গৰাকী লোক ৷ ইয়াৰ লগে লগে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 51 লক্ষাধিক ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰে এই তথ্য় ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 51,18,253 গৰাকী লোকলৈ ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া 83,198 গৰাকীলৈ বৃদ্ধি পায় ভাৰতত ৷ উল্লেখ্য় যে, বিগত 24 ঘণ্টাত দেশত নতুনকৈ 1,132 গৰাকী লোকে মৃত্যুক সাৱটি লয় ৷ অৱশ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্য়াও 40,25,079 গৰাকীলৈ বৃদ্ধি পায় ৷

দেশত বৰ্তমান 10,09,976 গৰাকী সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগী আছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 19.73 শতাংশ ৷ ভাৰতৰ COVID-19ম টেলীয়ে 7 আগষ্টত অতিক্ৰম কৰিছিল 20 লাখৰ ঘৰ ৷ আনহাতে এই সংখ্যাই 23 আগষ্টত 30 লাখ, 5 ছেপ্তেম্বৰত 40 লাখ আৰু 16 ছেপ্তেম্বৰত 50 লাখ অতিক্ৰম কৰে ৷

লগতে পঢ়ক:শ্ৰীনগৰ এনকাউণ্টাৰ: এগৰাকী মহিলা নিহত, আহত 3 নিৰাপত্তাৰক্ষী

ABOUT THE AUTHOR

...view details