নিউজ ডেস্ক, 19 মে‘: মাৰাত্মক কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ভাৰতত মঙলবাৰে এক লাখ অতিক্ৰম কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ সৰ্বমুঠ 4,970 গৰাকী লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে ভাৰতত সৰ্বমুঠ কৰ‘ণা আক্ৰান্তৰ সংখ্যা 1 লাখলৈ বৃদ্ধি হয় ৷
কোভিড-19 : ভাৰতৰ আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে এক লাখ, মৃতকৰ সংখ্যা 3163 লৈ বৃদ্ধি মন্ত্ৰণালয়ৰ মতে, ভাৰতত বৰ্তমান 58,302 গৰাকীৰ শৰীৰত কৰ‘ণা ভাইৰাছ সক্ৰিয় হৈ আছে, আৰোগ্য লাভ কৰিছে 39, 173 গৰাকী লোকে তথা বৰ্তমানলৈকে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 3163 গৰাকী লোকৰ ৷ তদুপৰি যোৱা 24 ঘণ্টাৰ ভিতৰত ভাৰতত 134 গৰাকী লোকে কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷
মহাৰাষ্ট্ৰত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 35,058 লৈ বৃদ্ধি হৈছে, গুজৰাটত 11,745 গৰাকী আৰু তামিলনাডুত 11,760 লৈ দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰত 1,249, গুজৰাটত 694 গৰাকী আৰু মধ্যপ্ৰদেশত 252 গৰাকী লোক কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ আনহাতে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, দেশৰ ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা 10,054 লৈ বৃদ্ধি হৈছে ৷
ঠিক একেদৰে আক্ৰান্তৰ সংখ্যাই 4 হাজাৰ অতিক্ৰম কৰা ৰাজ্য হৈছে ক্ৰমে ৰাজস্থান(5,507), মধ্য প্ৰদেশ(5,236) আৰু উত্তৰ প্ৰদেশ(4,605) ৷ দেশৰ অন্য ৰাজ্যসমূহতো ক্ৰমাৎ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা ৷
লগতে পঢ়ক : লকডাউন ৪.০ : কি কি নতুন নিয়মাৱলী !