অসম

assam

By

Published : Sep 11, 2020, 1:50 PM IST

ETV Bharat / bharat

ভাৰতত 45 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে

ভাৰতত মুঠ 45,62,414 গৰাকী COVID-19 আক্ৰান্ত লোকৰ ভিতৰত সম্প্ৰতি 9,43,480 গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে, 35,42,663 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা বৃদ্ধি পালে 76,271 গৰাকীলৈ ৷

কৰ'ণা মহামাৰীৰ সংক্ৰমণ
কৰ'ণা মহামাৰীৰ সংক্ৰমণ

নেশ্যনেল ডেস্ক, 11 ছেপ্তেম্বৰ:কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত 96,551 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে COVID-19 ত ৷ ইয়াৰ লগে লগে শুকুৰবাৰলৈ ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 45 লক্ষাধিক ৷

নতুনকৈ আক্ৰান্ত লোকৰ ওপৰিও দেশত বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত 1,209 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ তথ্য অনুসৰি বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা বৃদ্ধি পালে 76,271 গৰাকীলৈ ৷

ভাৰতত 45 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে

মুঠ 45,62,414 গৰাকী COVID-19 আক্ৰান্ত লোকৰ ভিতৰত সম্প্ৰতি 9,43,480 গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে, 35,42,663 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি ভাৰতত COVID-19 ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ আনহাতে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে নিশ্চিত কৰে যে, 2020 বৰ্ষৰ 10 ছেপ্তেম্বৰ পৰ্যন্ত দেশত মুঠ 5,40,97,975 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ মুঠ পৰীক্ষা কৰা নমুনাৰ ভিতৰত 11,63,542 টা নমুনাৰ পৰীক্ষা বিগত 24 ঘণ্টাত সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক:COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details