নিউজ ডেস্ক, 25 অক্টোবৰ :শনিবাৰে পশ্চিম বংগত 3,753 ক'ভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতিদিয়া হয় ৷ শনিবাৰলৈ ৰাজ্যখনত চিকিৎসালয়ৰ পৰ মুকলি দিয়া ৰোগীৰ সংখ্যা3,02,340 গৰাকী বুলি জানিব পৰা গৈছে ৷ ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে তথ্য ৷ বৰ্তমানলৈ ৰাজ্যখনত আৰোগ্য ৰোগীৰ হাৰ 87.49 শতাংশ ৷
একেদৰে, ৰাজ্যখনত শনিবাৰৰ দিনটোত 4,188 গৰাকী লোকৰ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ ৰাজ্যখনত সৰ্বমুঠ কৰ'ণা ৰোগীৰ সংখ্যা 3,45,574 জনলৈ বৃদ্ধিপাইছে ৷ আনহাতে,59 জন নতুন ৰোগীৰ মৃত্যুৰ ফলত মৃত্যুৰ সংখ্যা 6,427 লৈ বৃদ্ধি পাইছে বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷