অসম

assam

ETV Bharat / bharat

COVID-১৯ : সংকীৰ্ণ মানসিকতা আৰু প্ৰবাসী ভাৰতীয়সকলৰ সমস্যা - খাৰুৱা তেল

COVID-১৯ এ পৃথিৱীখনক স্তব্ধ কৰি পেলাইছে । চলাচলত ক্ৰমবৰ্ধমান নিষেধাজ্ঞাৰ ফলত ইখন দেশৰ লগত সিখন দেশৰ সম্পৰ্ক নাইকিয়া হৈ পৰিছে । মাত্ৰ আবদ্ধ হৈ থকা লোকসকলৰ লগতে একাংশ বিশেষ শ্ৰেণীৰ লোককহে বিদেশৰ পৰা উদ্ধাৰ বা প্ৰত্যাৱৰ্তন কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ আভ্যন্তৰীণভাৱে আৰু বৰ্হিবিশ্বৰ লগত দেশসমূহৰ সীমান্ত ছীল কৰি দিয়া হৈছে । অৰ্থনীতিৰ অৱনতি ঘটিছে, উদ্যোগসমূহ বন্ধ হৈ পৰিছে আৰু প্ৰতিখন দেশই লক্ ডাউনত আবদ্ধ হৈ পৰিছে । অন্ততঃ সাময়িকভাৱে ভ্ৰমণ আৰু পৰ্যটন অতীত হৈ পৰিছে । বিমানসেৱাৰ লগতে আন পৰিবহনৰ ক্ষেত্ৰতো বাধা আহি পৰিছে । নাগৰিকৰ স্বাস্থ্যৰ যত্নৰ লগতে উদ্যোগ আৰু অৰ্থনীতিৰ স্বচ্ছলতাক বিশ্বৰ নেতাসকলে প্ৰাধান্য দিয়ে । এনে এক জটিল পৰিস্থিতিত কিছু বাধা-নিষেধ আৰোপ কৰা হৈছে । যাৰ ফলত এখন দেশৰ পৰা আন এখন দেশলৈ মানুহৰ মুকলি আহ-যাহ, পৰ্যটন আৰু প্ৰব্ৰজন ব্যাহত হৈ পৰিছে ।

Limiting Mindset and Diaspora in Doldrums
Limiting Mindset and Diaspora in Doldrums

By

Published : Apr 30, 2020, 4:38 PM IST

২২ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে COVID-১৯ৰ পাছত অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সংকট সৃষ্টি কৰিব পৰা সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । এই ক্ষেত্ৰত ট্ৰাম্পে কয় যে “আমাৰ দেশৰ প্ৰব্ৰজন নীতিৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰী লোকসকলে সংস্থাপনৰ বজাৰখনত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে আমি সচেতন হ’ব লাগিব । বিশেষকৈ ব্যাপক হাৰত ঘৰুৱা নিবনুৱা সংখ্যা বৃদ্ধি আৰু সংস্থাপনৰ অভাৱৰ পৰিপ্ৰেক্ষিতত এই বিষয়ে গুৰুত্ব দিয়া উচিত । নতুন বৈধ স্থায়ী বাসিন্দাসকলে সংস্থাপনৰ ক্ষেত্ৰত সৃষ্টি কৰা ভাবুকিৰ পৰা নিবনুৱা আমেৰিকানসকলক ৰক্ষা কৰাৰ কোনো উপায় নাই । বৰ্তমানৰ ভিছা নীতি এই ক্ষেত্ৰত পৰ্যাপ্ত নহয় । আনহাতে অতিৰিক্ত স্থায়ী বাসিন্দাৰ সংখ্যা বৃদ্ধিয়ে আমাৰ সীমিত স্বাস্থ্য সেৱাৰ ওপৰত অধিক হেঁচাৰ সৃষ্টি কৰিব । গতিকে আমি আমেৰিকা আৰু বৰ্তমান থকা প্ৰব্ৰজনকাৰী লোকসকলক প্ৰথমে প্ৰাধান্য দিব লাগিব । তেনে ক্ষেত্ৰত অহা ৬০ দিনৰ বাবে কোনো বাহিৰা লোকে প্ৰৱেশ কৰাটো আমেৰিকাৰ পক্ষে হিতকৰ নহ’ব ।”

ইতিমধ্যে বাতিল কৰা আমেৰিকাৰ ভিছাৰ ম্যাদ নৱীকৰণৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব । ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ২০১৫-১৬ ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ‘প্ৰথমে আমেৰিকা’ নীতি ঘোষণা কৰিছিল । ইয়াৰ লগতে প্ৰচাৰ চলোৱা হয় যে আমেৰিকাৰ সকলো সমস্যাৰ বাবে প্ৰব্ৰজনকাৰী কৰ্মীসকলে জগৰীয়া । কিন্তু প্ৰব্ৰজনকাৰীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰক এক শক্তি হিচাপে পৰিগণিত কৰাৰ বাবে আগবঢ়োৱা বৰঙণিৰ প্ৰতি গুৰুত্ব দিয়া নহয় । অনুৰূপ ধৰণে ইউৰোপীয়ান দেশসমূহত প্ৰব্ৰজনকাৰীসকলৰ বিৰুদ্ধে ৰাজনৈতিক মতবাদ সৃষ্টি কৰি সোঁপন্থীসকলে সুযোগ গ্ৰহণ কৰি আহিছে ।

ভাৰতৰ এক বিশাল প্ৰবাসী ভাৰতীয় শক্তি আছে । ইয়াৰে ৩০ মিলিয়ন প্ৰবাসী ভাৰতীয় আৰু বহুসংখ্যক ভাৰতীয় বংশোদ্ভৱ লোক । ইয়াৰে বহুসংখ্যক লোক পশ্চিমীয়া দেশসমূহত বহুজাতিক কোম্পানীসমূহৰ গুৰুত্ব পদত কাৰ্যনিৰ্বাহ কৰি আছে । তেওঁলোকে বিজ্ঞান, স্বাস্থ্য, চিকিৎসা, উদ্যোগ, কৃষি, উদ্যমিতা আদি ক্ষেত্ৰত সফলতা লাভ কৰিছে । ছিলিকন ভেলীত ভাৰতীয় লোকসকলে ছফ্টৱেৰ কোম্পানীৰ লগতে আন আন প্ৰযুক্তিগত কোম্পানীসমূহত যথেষ্ট সফলতা লাভ কৰিছে । যদিও আমেৰিকা আৰু ভাৰতবৰ্ষই এইচ১ বি ভিছা সম্পৰ্কে আলোচনা কৰি আছে এই লোকসকলেই এই ধৰণৰ ভিছা গ্ৰহণকাৰী ।

প্ৰবাসী বহু ভাৰতীয়ই সফল ৰাজনৈতিক নেতা হৈ পৰিছে । এয়া গৰ্বৰ কথা যে ইংলেণ্ডৰ বিত্ত আৰু আভ্যন্তৰীণ মন্ত্ৰীসকল ভাৰতীয় বংশোদ্ভৱ । ইংলেণ্ডৰ শীৰ্ষ উদ্যোগপতিসকলৰ ভিতৰত কেইবাজনো ভাৰতীয় লোক আছে । আমেৰিকাত ভাৰতীয় বংশোদ্ভৱ লোকৰ সংখ্যা ৪ মিলিয়নতকৈ অধিক । ট্ৰাম্পে তেওঁলোকৰ সৈতে হিউষ্টনত অনুষ্ঠিত হাউডী মোদী অনুষ্ঠানত বাৰ্তালাপ কৰিছিল । প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভৱ লোকসকল তেওঁলোকে বাস কৰা দেশসমূহৰ বিশাল শক্তি হিচাপে পৰিগণিত ।

পশ্চিম এছিয়াত বিশেষকৈ তৈলক্ষেত্ৰত চহকী দেশসমূহত ন মিলিয়ন লোক অৰ্থনীতি বিকাশৰ মাধ্যম হৈ পৰিছে । তেওঁলোকৰ ভিতৰত উচ্চ বৃত্তিধাৰী, বেংকাৰ, উদ্যোগী, চিকিৎসা বৃত্তিধাৰী তথা নাৰ্ছ পেৰা মেডিক আৰু ব্লু কলাৰ চাকৰিয়াল আদি আছে । তেওঁলোকৰ উদ্যমিতা, বিশ্বাসযোগ্যতা আৰু অনুশাসনক সকলোৱে সন্মান কৰি আহিছে । তেওঁলোকে প্ৰায় ৪০-৫০ বিলিয়ন ডলাৰে প্ৰত্যাৱৰ্তনেৰে ভাৰতীয় অৰ্থনীতিক সহায় কৰি আহিছে । কিন্তু খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ ফলত সংস্থাপন আৰু অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে । মহামাৰীৰ ফলত অৰ্থনীতিৰ বিকাশ ২৫-৩০ শতাংশ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে ।

ক’ভিড-১৯ ৰ পৰিস্থিতিৰ পাছত বহু বৃহৎ প্ৰকল্প বাতিল বা স্থগিত কৰিব পাৰে । বিশ্ব বেংকে অনুমান কৰা মতে কৰ’ণা ভাইৰাছৰ ফলত আৰৱীয় দেশৰ পৰা প্ৰবাসী ভাৰতীয়সকলে যোগোৱা অৰ্থনৈতিক অৰিহণাৰ পৰিমাণ ২০১৯ চনৰ ৮৩ বিলিয়ন ডলাৰৰ পৰা এই বৰ্ষত ৬৪ বিলিয়ন আমেৰিকান ডলাৰ তথা ২৩ শতাংশ হ্ৰাস পাব পাৰে । ইয়াৰ মূল কাৰণ প্ৰব্ৰজনকাৰী কৰ্মীসকলৰ পাৰিশ্ৰমিকৰ পৰিমাণ হ্ৰাস পোৱা ।বহুসংখ্যক লোকৰ প্ৰত্যাৱৰ্তনে সামাজিক-অৰ্থনৈতিক প্ৰভাৱ পেলাব পাৰে ৷ তদুপৰি বিদেশত ব্যৱসায় বা উদ্যোগ স্থাপন কৰা উদ্যোগপতিসকলৰ বাবে চৰকাৰী সহায় অবিহনে তিষ্ঠি থকাটো কঠিন হৈ পৰিব । এই পৰিস্থিতিৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব সেয়া এতিয়াই ভৱিষ্যদ্বাণী কৰাটো টান ।

সংঘাতপূৰ্ণ আৰু COVID-১৯ জ’নৰ পৰা নিজৰ নাগৰিকসকলক প্ৰথমে উদ্ধাৰ কৰা দেশসমূহৰ ভিতৰত ভাৰত আছিল অন্যমত । COVID-১৯ৰ সংকটৰ সময়ত সমাধানৰ সন্ধান কৰি প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়া তথা জি-২০ ৰ নেতাসকলৰ সৈতে ডিজিটেল কূটনীতিৰ আশ্ৰয় লৈছে । তেওঁ ভাৰতীয় নাগিৰকসকলৰ কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন দেশ তথা চৰকাৰৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰে । ইয়াৰ বিপৰীতে তেওঁলোকৰ পৰা আশ্বাস লাভ কৰা গৈছে । দূতাবাসসমূহক দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক সকলো সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

COVID-১৯ৰ শেষৰ পিনে চৰকাৰৰ হস্তক্ষেপ আৰু ভূমিকা বৃদ্ধি পাব । কিন্তু ইয়াৰ ফলত উন্নত দেশসমূহত সীমান্তৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু প্ৰব্ৰজন নীতি কঠোৰ হৈ পৰিব । চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা দুৰ্ভাগ্যজনক । নিজৰ চৰকাৰী নীতিৰ সলনি কেৱল প্ৰব্ৰজনকৰী কৰ্মীসকলে নিবনুৱা সমস্যাৰ সৃষ্টি কৰা বুলি মানসিকতা ত্যাগ কৰা উচিত । দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰসংঘ আৰু আন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও শেহতীয়াকৈ জনসাধাৰণক হতাশ কৰিছে । নিৰৱিচ্ছন্ন দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতাৰ মাজতে সম্পদ থাকে ।

লেখক : অনিল ত্ৰিগুনায়াত

(জৰ্দান, লিবিয়া আৰু মালটাস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত )

লগতে পঢ়ক :আন মহামাৰীবোৰ !

ABOUT THE AUTHOR

...view details