অসম

assam

ETV Bharat / bharat

স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কিস্তি কৰি দিবলৈ অনুমতি প্ৰদান IRDAIৰ - COVID-19

COVID-19ৰ সংকটৰ সময়ছোৱাত স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কিস্তি কৰি প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰে IRDAI য়ে। মহামাৰীৰ সময়ত দেশৰ জনসাধৰণে সন্মুখীন হোৱা আৰ্থিক সংকটৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে IRDAI য়ে ।

COVID-19
স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কিস্তি কৰি দিবলৈ অনুমতি প্ৰদান IRDAIৰ

By

Published : Apr 22, 2020, 8:32 PM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ মহামাৰী COVID-19ৰ সংকটৰ বাবেই IRDAI অৰ্থাৎ Insurance Regulatory and Development Authority of India য়ে স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কিস্তিৰ জৰিয়তে দিবলৈ অনুমতি প্ৰদান কৰে । দেশজুৰি চলা লক ডাউনৰ বাবেই আৰ্থিক সংকটত ভোগা জনসাধৰণৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৱে ।

স্বাস্থ্য বীমাৰ প্ৰিমিয়াম কিস্তি কৰি দিবলৈ অনুমতি প্ৰদান IRDAIৰ

আনহাতে বিগত বৰ্ষতে IRDAIয়ে বীমা প্ৰতিষ্ঠান সমূহক প্ৰমাণৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত স্বাস্থ্য বীমাৰ গ্ৰাহকসকলক কিস্তিৰ জৰিয়তে বীমা প্ৰদান কৰিবলৈ অনুমতি দিয়া হয় ।

IRDAIয়ে এক বিবৃতিযোগে সদৰী কৰে যে,মহামাৰী COVID-19ৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্বাস্থ্য বীমাৰ প্ৰিমিয়াম দিয়াৰ সহজ পদ্ধতি কৰিবলৈ প্ৰয়াস কৰা হয় । যাৰ বাবে স্বাস্থ্য বীমাৰ প্ৰিমিয়াম দিয়াৰ উপযুক্ত ব্যৱস্থা হিচাপে প্ৰিমিয়াম সমূহ কিস্তি কৰি দিবলৈ গ্ৰাহকক অনুমতি প্ৰদান কৰা হয় ।

আনহাতে,স্বাস্থ্য বীমাৰ প্ৰিমীয়ামৰ এই কিস্তিৰ সুবিধা ২০২১ চনৰ ৩১ মাৰ্চত কৰা সংশোধনৰ সমছোৱাত স্বায়ীভাৱে ৰখাৰ চিন্তা-চৰ্চাও চলাব বুলি উল্লেখ কৰে ।

লগতে চাওকঃ ছীল কৰা হ'ল দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details