নেশ্যনেল ডেস্ক, 16 জুলাই: ভাৰতত কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সংক্ৰমণে অতিক্ৰম কৰিলে 9 লক্ষাধিক ৷ 16 জুলাইলৈ এই সমক্ৰমণ বৃদ্ধি পালে মুঠ 968876 গৰাকী লোকলৈ ৷ ইয়াৰ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ দেশজুৰি মৃত্যুক সাৱটি লৈছে 24915 গৰাকী লোকে ৷ সম্প্ৰতি সমগ্ৰ দেশতে 612814 গৰাকী লোক কৰ'ণা মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠাৰ বিপৰীতে, 331146 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৷
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - ভাৰত
ভাৰতৰ ভিন্ন ৰাজ্যত কৰ'ণা সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
কৰ'ণা মহামাৰীৰ ফলত আটাইতকৈ অধিক প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰ ৷ তাৰ পিচতেই ক্ৰমে তামিলনাডু আৰু দিল্লীত পোৱা গৈছে এই মহামাৰীত আক্ৰান্ত হোৱা আটাইতকৈ অধিক লোকৰ সংখ্যা ৷ কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ দেশত জাৰি কৰা লক ডাউনে সকলি কৰিছে বহু লোকৰ জীৱনৰ গতিপথ ৷ লক্ষাধিক লোকে ইতিমধ্যে নিজৰ একমাত্ৰ উপাৰ্জনৰ থলো হেৰুৱাবলগীয়া হৈছে ৷ নিম্নগামী হৈ পৰিছে দেশৰ অৰ্থনীতি ৷